আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ সহযোগী মন্ত্ৰী তথা বিধায়কসকলো অসমলৈ আহিব। শক্তিপীঠ কামাখ্যা দৰ্শনৰ বাবে মুখ্যমন্ত্ৰী সিন্দেসহ অন্যান্য বিধায়কসকল অসমলৈ আহিব। সিন্দে বাহিনীক আদৰিবলৈ মহানগৰীৰ জালুকবাৰীৰ পৰা কামাখ্যালৈকে ঠায়ে ঠায়ে হৰ্ডিং লগোৱা হৈছে। অসমত থকা সিন্দেৰ সমৰ্থকসকলে এই হৰ্ডিংসমূহ আঁৰিছে।
হৰ্ডিঙৰ ওপৰৰ অংশত মাৰাঠী ভাষাত লিখা হৈছে "বালাচাহেবৰ শিৱসেনা"। ইয়াৰ তলৰ অংশত হিন্দীত লিখা হৈছে- "হিন্দুত্বৰ গৌৰৱ, মহাৰাষ্ট্ৰৰ বৈভৱ একনাথজী শিন্দে মহাশয়, সহযোগী মন্ত্ৰী আৰু সকলো বিধায়কক মা কামাখ্যাৰ পবিত্ৰ ভূমিত উষ্ম আদৰণি।"
উল্লেখ্য যে, বিগত জুন মাহত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টিৰে অসমলৈ আহিছিল একনাথ সিন্দে। কংগ্ৰেছ-এনচিপিৰে তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত চলা শিৱসেনাৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ কৰি তেওঁলোক ২২ জুনত গুৱাহাটীলৈ আহিছিল। মহানগৰীৰ হোটেল ৰেডিছন ব্লু'ত বাহৰ পাতিছিল।
মন কৰিব লগীয়া যে, উদ্ধৱ ঠাকৰেই পিতৃ বালাচাহেব ঠাকৰেৰ হিন্দুত্বৰ আদৰ্শৰ পৰা ফালৰি কটাৰ গুৰুত্বৰ অভিযোগ সিন্দেই উত্থাপন কৰিছিল। ইয়াৰ পাছতেই এজনকৈ এজনকৈ মন্ত্ৰী বিধায়কে উদ্ধৱ ঠাকৰেৰ সংগ এৰিছিল আৰু সিন্দেই সমৰ্থন দিয়া আৰম্ভ কৰিছিল।
এই বৰ্ষৰ জুন মাহটো হোটেল ৰেডিছন ব্লু' মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছিল। সিন্দেসহ তেওঁৰ সমৰ্থক মন্ত্ৰী বিধায়কে অসমলৈ আহি মহাৰাষ্ট্ৰৰ চৰকাৰ সলনি কৰাৰ যি পৰিকল্পনাৰ বাবে ৭ টাকৈ দিন দেশৰ ৰাজনৈতিক মহলত তোলপাৰ লগাইছিল সেয়া লক্ষণীয় আছিল।
মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ প্ৰাকক্ষণত অৰ্থাৎ ২৯ জুনত বিসম্বাদী বিধায়কসহ শক্তিপীঠ কামাখ্যালৈ সিন্দে গৈছিল। তেওঁ মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনাও আগবঢ়াইছিল। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা হৈছিল।
বিজেপিৰ সমৰ্থনত চৰকাৰ গঠনেৰে মুখ্যমন্ত্ৰীৰ আসনত একনাথ সিন্দে বহিছিল। হয়তো মা কামাখ্যাৰ ওচৰত সিন্দেই ইয়াৰেই কামনা কৰিছিল। এই কামনা পূৰণ হোৱা হেতুকে পুনৰ মা কামাখ্যাৰ ওচৰলৈ সিন্দে বাহিনী আহিব।
জানিব পৰা মতে, কামাখ্যা দৰ্শনৰ পাছতেই নিশা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত কটাই কাইলৈ মহাৰাষ্ট্ৰলৈ উভতি যাব সিন্দে বাহিনী।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 26, 2022, 09:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।