
একনাথ সিন্ধে আপুনি উভতি যাওক মহাৰাষ্ট্ৰলৈ আলোচনা কৰক উদ্ধৱ থাকৰেৰ সৈতে: সঞ্জয় ভোষলে
একনাথ সিন্ধে আপুনি উভতি যাওক মহাৰাষ্ট্ৰলৈ আলোচনা কৰক উদ্ধৱ থাকৰেৰ সৈতে: সঞ্জয় ভোষলে
উদ্ধৱ থাকৰেৰ শিৱ সেনাৰ সমৰ্থনত ৰেডিছন ব্লুৰ সম্মূখত ধৰ্ণা দিয়ে মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ তৃণমূল কৰ্মী সঞ্জয় ভোষলে। গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বিগত তিনিদিন ধৰি চলি আছে উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰ ভঙা পতাৰ হাই ভল্টেজ খেল।
মহাৰাষ্ট্ৰত কোনে কৰিব চৰকাৰ, কাৰ পতন হব তাৰ হিচাপ নিকাচ গুৱাহাটীৰ ৰেডিছন ব্লুত চলি থকাৰ মাজতে বৃহস্পতিবাৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ আৰু পৰৱৰ্তী সময়ত NSUI কৰ্মীয়ে হোটেলৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰে সূদুৰ মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীত আহি উপস্থিত হৈ পোনে পোনে ৰেডিছন ব্লু হোটেলৰ সম্মূখলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ ছাটাৰাৰ তৃণমূল কৰ্মী সঞ্জয় ভোষলে। "একনাথ সিন্ধে আপুনি উভতি যাওক, মহাৰাষ্ট্ৰলৈ গৈ আলোচনা কৰক উদ্ধৱ থাকৰেৰ সৈতে" এই মন্তব্য দলৰ তৃণমূল কৰ্মী সঞ্জয় ভোষলেৰ। সঞ্জয় ভোষলে লগতে অভিযোগ কৰিছে যে বিজেপিয়ে কৌশলেৰে ভংগ কৰিব বিচাৰিছে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ। থাকৰেতকৈ কোনো বেছি হিন্দুত্ব হ'ব নোৱাৰিব বুলি কয় সঞ্জয় ভোষলে নামৰ শিৱ সেনাৰ তৃণমূল কৰ্মী গৰাকীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|