পিপলী লাইভৰ কথা মনত আছেনে? সেই যে নাথা চৰিত্ৰটো! উপস্থাপন কি আছিল সেয়া সুকীয়া কথা, পিপলী লাইভত আছিল সৰ্বস্বান্ত কৃষক ৷ চিনেমাত নহয়, এইবাৰ সৰ্বস্বান্ত কৃষকৰ আত্মহত্যাৰ কথা ওলাল সংসদত ৷ য'ত আছে অসমৰ তথ্যও ৷ অসমতো এটা বছৰত ১৫৩জন কৃষকে আত্মহত্যা কৰা বুলি সংসদত তথ্য দিয়া হৈছে ৷
লোকসভাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে (Narendra Singh Tomar) দিয়া এক বিস্ফোৰক তথ্যই পুনৰ চৰ্চালৈ আনিছে সৰ্বস্বান্ত কৃষকৰ কৰুণ গাথা ৷ এইখন দেশতে কৃষকৰ আত্মহত্যাৰ ঘটনা তিনি বছৰত ১৬,৮৫৪টা ৷ ২০১৯ৰ পৰা ২০২১লৈ এই তিনি বছৰত মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাৰ সংখ্যা ৭,৮৮৭টা, কৰ্ণাটকত ৩,৫৭৩টা, অন্ধ্ৰ প্ৰদেশত ১৬৭৩টা ৷ অসমত ২০১৯ত ২৬জন, ২০২০ত ১২জন আৰু ২০২১ত ১৫৩জন কৃষকে কৰিছে আত্মহত্যা ৷ লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী তোমৰে দিয়া তথ্য অনুসৰি ৰাজ্য ভিত্তিক কৃষকৰ আত্মহত্যাৰ তালিকাৰ ষষ্ঠ স্থানত অসম ৷ এই হিচাপত তিনি বছৰত অসমত ১৯১গৰাকী কৃষকে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহন কৰিছে ৷ (Telegu Desham Party) টিডিপি সাংসদ কেছিনেনী শ্ৰীনিবাস (Kesineni Srinivas) ৰ প্ৰশ্নৰ উত্তৰত পোহৰলৈ আহিছে এই তথ্য ৷ সাংসদগৰাকীয়ে কৃষকৰ আত্মহত্যাৰ বিষয়ে অন্ধ্ৰ প্ৰদেশৰ তথ্যৰ লগতে আন ৰাজ্য সমূহৰো বিচাৰিছিল তথ্য ৷ দেশত কৃষকৰ আত্মহত্যাৰ এই উদ্বেগজনক তথ্যৰ সময়তে আশ্চৰ্যজনকভাৱে চৰকাৰে কৃষি খণ্ডৰ বাবে নিৰ্দ্ধাৰিত বাজেট হ্ৰাসহে কৰিছে ৷
মন কৰক এই তথ্যলৈ—২০২২-২৩ত কৃষি বাজেট আছিল ১,৫১,৫২১কোটি এইবাৰ ধাৰ্য কৰা হৈছে ১,৪৪,২১৪কোটি ৷ অৰ্থাৎ পূৰ্বতকৈ কৃষি বাজেট কমিল ৭,৩০৭কোটি টকা ৷ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাতো হ্ৰাস হ'ল কেন্দ্ৰীয় বাজেট ৷ পূৰ্বৰ বাজেট বৰ্ষত ফচল বীমা যোজনাৰ বাজেট আছিল ১৫,৫০০কোটি ৷ এইবাৰ ফচল বীমা বাজেটত নিৰ্ধাৰিত হৈছে পূৰ্বৰ ১৫,৫০০কোটিৰ ঠাইত ১৩,৬২৫কোটিহে ৷ পি এম কিষাণ যোজনাতো পূৰ্বে আছিল ৬৮হাজাৰ কোটি, আৰু এইবাৰ ধাৰ্য হৈছে ৬০হাজাৰ কোটিহে ৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে অৱশ্যেই কৃষকৰ আত্মহত্যাৰ বিষয়টো ৰাজ্য চৰকাৰৰহে বিচাৰ্য বিষয় বুলি স্পষ্ট কৰাৰ লগতে কৃষকৰ কল্যানৰ বাবে থকা ভিন্ন আঁচনিৰ কথা উল্লেখ কৰিছে ৷ কিন্তু অসমৰ বেলিকা ৰাজ্যৰ কৃষি বিভাগে এই পৰ্যন্ত ক'তো এটা টু শব্দও উচ্চাৰণ কৰা নাই ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 10, 2023, 19:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।