• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট, আজিয়ে গুৱাহাটী এৰিব বিসম্বাদী বিধায়কে

কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট, আজিয়ে গুৱাহাটী এৰিব বিসম্বাদী বিধায়কে

আজি পুৱা কামাখ্যা মন্দিৰত মা কামাখ্যাৰ আশিস লয় মহাৰাষ্ট্ৰৰ বিদ্ৰোহী শিবিৰৰ নেতৃত্ব দিয়া একনাথ সিন্দে।

আজি পুৱা কামাখ্যা মন্দিৰত মা কামাখ্যাৰ আশিস লয় মহাৰাষ্ট্ৰৰ বিদ্ৰোহী শিবিৰৰ নেতৃত্ব দিয়া একনাথ সিন্দে।

আজি পুৱা কামাখ্যা মন্দিৰত মা কামাখ্যাৰ আশিস লয় মহাৰাষ্ট্ৰৰ বিদ্ৰোহী শিবিৰৰ নেতৃত্ব দিয়া একনাথ সিন্দে।

  • Share this:
কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাত হ’ব আস্থা ভোট। বিপদত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে! উদ্ধৱ থাকৰেলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালে জাৰি কৰিছে জাননী। আজি পুৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ ৰাজ্যপালে প্ৰেৰণ কৰিছে জাননী। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ আহ্বান ৰাজ্যপালৰ। কাইলৈ ১১ বজাত অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন।

গুৱাহাটী ত্যাগ কৰি আজিয়ে উভতিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল। গোৱালৈ যাব ৰেডিছন ব্লুত বাহৰ পাতি থকা বিধায়কৰ দলটো। গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বিয়লি ৩.৩০ বজাত আটাইকেইজন উৰা মাৰিব গোৱালৈ। গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১টা কোঠা।

ইতিমধ্যেই হোটেল ৰেডিছন ব্লুত উপস্থিত হৈছে চাৰ্টাৰ্ড বাছ। চাৰ্টাৰ্ড বাছেৰে প্ৰথমে কামাখ্যালৈ যাব বিদ্ৰোহী বিধায়কসকল। কামাখ্যাৰ পৰা পোনে পোনে যাব বিমানবন্দৰলৈ।
বিয়লিলৈ গোৱাত উপস্থিত হ’ব সিন্দে বাহিনীৰ সকলো বিধায়ক।

আনহাতে, আজি পুৱা কামাখ্যা মন্দিৰত মা কামাখ্যাৰ আশিস লয় মহাৰাষ্ট্ৰৰ বিদ্ৰোহী শিবিৰৰ নেতৃত্ব দিয়া একনাথ সিন্দে। একনাথ সিন্দেৰ লগত আছিল অসমৰ এজন বিজেপি বিধায়ক। লগত আছে বিসম্বাদী গোটৰ আন দুজন বিধায়কো। কাইলৈ মুম্বাইলৈ যাব সিন্দে বাহিনী। কামাখ্যা মন্দিৰত এই কথা জনালে একনাথ সিন্দেই।

ইফালে, আস্থা ভোটক অসাংবিধানিক আখ্যা দিছে শিৱসেনাই। আস্থা ভোটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হৈছে। ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ পাৰদিৱালাৰ দ্বাৰা শুনানি। আস্থা ভোটক অসাংবিধানিক আখ্যা দি শিৱসেনাৰ অধিবক্তাৰ যুক্তি – অযোগ্য ঘোষিত বিধায়কে আস্থা ভোটত কেনেকৈ ভাগ ল’ব? বিয়লি ৫ বজাত আস্থা ভোটক লৈ ৰায় দিব উচ্চতম ন্যায়ালয়ে।

উল্লখযোগ্য যে আস্থা ভোটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট। আস্থা ভোটক বেআইনী আখ্যা দিলে সঞ্জয় ৰাউটে। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন আস্থা ভোট কেনেকৈ হ’ব বুলি প্ৰশ্ন সঞ্জয় ৰাউটৰ। কাইলৈ পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব উদ্ধৱ থাকৰে। আস্থা ভোটৰ আগে আগে পুৱা চাৰে ১০ বজাত ন্যায়ালয়ত উপস্থিত হ’ব থাকৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি