ফেচবুকত চিনাকি, বহিঃৰাজ্যৰ পৰা ছোৱালী নিবলৈ যোৰহাটলৈ আহি ৰঙাঘৰত সোমাল যুৱক

বহিঃৰাজ্যৰ পৰা অহা লোকজন মানৱ সৰবৰাহকাৰী গোটৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।
বহিঃৰাজ্যৰ পৰা অহা লোকজন মানৱ সৰবৰাহকাৰী গোটৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।
- News18 Assam
- Last Updated: December 27, 2020, 9:00 AM IST
ফেচবুকৰ জৰিয়তে চিনাকী হোৱা অচিনাকি লোকক বিশেষ প্ৰশ্ৰয় দিয়াৰ ফলতে সংঘটিত হল এই ঘটনা। ফেচবুকৰ জৰিয়তে বহিঃৰাজ্যৰ এজন লোকৰ সৈতে চিনাকী হৈ ঘনিষ্ঠ হৈ পৰা যোৰহাটৰ এগৰাকী নাবালিকা দৈৱক্ৰমে ৰক্ষা পৰিছে এক ভয়ংকৰ বিপদৰ পৰা। কাৰণ উক্ত নাবালিকাগৰাকীক কৌশলেৰে মহাৰাষ্ট্ৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাৰ সুনীল ৰামু পাটিল নামৰ লোকজনে।
সুনীলৰ সৈতে ফেচবুকৰ জৰিয়তে ঘনিষ্ঠ সম্পৰ্ক হৈছিল যোৰহাটৰ নাবালিকাগৰাকীৰ। চিনাকী হোৱাৰ কিছুদিন পিছতে যোৰহাটত আহি উপস্থিত হোৱা সুনীলক শুকুৰবাৰে লগ কৰিবলৈ আহে ছোৱালীজনীয়ে। আৰু তাৰ পিছতে কৌশলেৰে নাবালিকাগৰাকীক লগত লৈ যাব বিচাৰে এই লোকজনে। কিন্তু কিশোৰীগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰাত শুকুৰবাৰে নিশা যোৰহাট নগৰত সেই দৃশ্য আৰক্ষীৰ দৃষ্টিগোচৰ হয়। আৰু তাৰ পিছতে দৈৱক্ৰমে ছোৱালীজনীয়ে ৰক্ষা পোৱাৰ লগতে আৰক্ষীয়ে কৰায়ত্ত কৰে বহিঃৰাজ্যৰ পৰা অহা লোকজনক।
"কিশোৰীগৰাকীৰ পিতৃয়ে তেওঁৰ কন্যা নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰাৰ পিছতে যোৰহাট আৰক্ষীয়ে উক্ত লোকজনৰ সৈতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। উক্ত লোকজনক কৰায়ত্ত কৰি এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 366/370 ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।", ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে এনেদৰে কয়।
ধৃত লোকজনে ভাৰতীয় সেনা বাহিনীত কাম কৰে বুলি পৰিচয় দিছে যদিও লোকজনৰ প্ৰকৃত তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। এগৰাকী নাবালিকা ছোৱালীক লগ কৰিবলৈ বহিঃৰাজ্যৰ পৰা আহি লগত লৈ যাব বিচৰা ঘটনাৰ অন্তৰালত যে গভীৰ ৰহস্য লুকাই আছে সেয়া নিশ্চিত। আৰক্ষীৰ তদন্ত আগবঢ়াৰ পিছতহে সকলো তথ্য স্পষ্ট হ’ব।