কোৰোণা ভাইৰাছে লৈছে ভয়াৱহ ৰূপ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৩০ জুনলৈকে বৃদ্ধি কৰিছে ল’ক ডাউন। তাৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজহুৱা স্থানত ধূমপান নকৰিবলৈ জনসাধাৰণক সকীয়নি দিছে মহাৰাষ্ট্ৰ চৰকাৰে।
ৰাজ্যখনৰ ৰাজহুৱা স্থানত এতিয়াৰ পৰা ধূমপান কৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা। সেইদৰে দ্বিতীয়বাৰ উলংঘা কৰিলে ৩০০০ টকা জৰিমনাৰ লগতে হ’ব পাৰে দুবছৰ পৰ্যন্ত জে’ল। ইয়াৰ উপৰিও ৰাজহুৱা স্থানত থু পেলোৱাতো নিষেধাজ্ঞা আৰূপ কৰা হৈছে । কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যখনত এনে কোত বোৰ নতুন নতুন নিয়ম লোৱা হৈছে বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 30, 2020, 19:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।