মহাৰাষ্ট্ৰত ‘অঘাড়ীৰাজ’, ২৮ নৱেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব উদ্ধৱ থাকৰেই

News18 Assam | News18-Assam
Updated:November 27, 2019, 8:09 AM IST
মহাৰাষ্ট্ৰত ‘অঘাড়ীৰাজ’, ২৮ নৱেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব উদ্ধৱ থাকৰেই
শিৱসেনা–এনচিপি–কংগ্ৰেছ মিত্ৰজোঁটে মঙলবাৰে সন্ধিয়া শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰে।

শিৱসেনা–এনচিপি–কংগ্ৰেছ মিত্ৰজোঁটে মঙলবাৰে সন্ধিয়া শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰে।

  • Share this:
শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই ২৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। সন্ধিয়া ৬.৩০ বজাত শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীয়ে আজি পুৱা বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান কৰিছে।

প্ৰটেম অধ্যক্ষ কালিদাস কোলম্বকৰে সকলো বিধায়কক পাঠ কৰোৱাব শপত বাক্য। ইয়াৰ পূৰ্বে ভগত সিং কোশ্যাৰীয়ে মঙলবাৰে বিজেপি বিধায়ক কালিদাস কোলম্বকৰক মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।

শিৱসেনা–এনচিপি–কংগ্ৰেছ মিত্ৰজোঁটে মঙলবাৰে সন্ধিয়া শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰে। তিনিওটা দলৰ যুটীয়া বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত এনচিপি প্ৰমুখ শাৰদ পাৱাৰ, দলৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল, কংগ্ৰেছ নেতা অশোক চৌহান, স্বাভিমানী শেতকাৰী সংগঠনৰ ৰাজু শেট্টী, সমাজবাদী পাৰ্টীৰ আবু আজমীও উপস্থিত আছিল। তিনিওটা দলে নিজৰ মিত্ৰজোঁটক ‘মহাৰাষ্ট্ৰ বিকাশ অঘাড়ী’ নাম দিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি