প্ৰাক স্বাধীনতাৰ কালতে নগাঁও জিলাৰ পূব প্ৰান্তৰ বৃহত্তৰ ননৈ অঞ্চলৰ কিছু বিদ্বান, দূৰদৰ্শী, সমাজহিতৈষী, শিক্ষানুৰাগী মহান ব্যক্তিৰ আশাশুধীয়া আৰু ঐকান্তিক প্রচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা জ্ঞান মন্দিৰ স্বৰূপ “ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়” খনে ৭৫ বছৰ সফলতাৰে পূৰ্ণ কৰি এইবৰ্ষতে এক ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে।
বিভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে অযুত মানৱ সম্পদ সৃষ্টি কৰি দেশ মাতৃৰ সেৱাৰ বাবে উপযোগী কৰি তোলা এই মহান শিক্ষানুষ্ঠানটিৰ ৭৫ বছৰীয়া ক্ষণটি “মহাৰজত জয়ন্তী উৎসৱ” হিচাবে ২০২২ বৰ্ষৰ ২৫, ২৬ আৰু ২৭ নৱেম্বৰ তাৰিখে এক বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত কৰাৰ মানসেৰে প্ৰাৰম্ভিক প্রস্তুতি আৰম্ভ কৰা হৈছে।
বৃহত্তৰ ননৈ অঞ্চলৰ সৰ্ব্বস্তৰৰ ৰাইজৰ বিপুল সহায়–সহযোগিতা, সহৃদয়তা, দিহা–পৰামৰ্শ, উৎসৱ উদযাপন সমিতি আৰু “ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়”ৰ (Nonoi Higher Secondary School) পৰিয়ালবৰ্গই গভীৰ আন্তৰিকতাৰে কামনা কৰিছে। বিশেষকৈ, যোৱা ৭৫ বছৰে এই ঐতিহ্যপূর্ণ জ্ঞান মন্দিৰত প্ৰৱেশ কৰি যি ৭৫টা শৈক্ষিক সেনানীৰ দলে জীৱনৰ জোনাকী বাটেৰে বাট বুলিলে সেই প্রাক্তন শিক্ষার্থীসকলক আগন্তুক উৎসৱত তেওঁলোকৰ উপস্থিতি, বিভিন্ন দিহা-পৰামৰ্শ, আৰু সহায় সহযোগিতা তথা বদান্যতাৰ দ্বাৰাহে “উৎসৱটি” আটক ধুনীয়া, বৰ্ণাঢ্য আৰু সাৰ্থক ভাৱে ৰূপায়ণ কৰিবলৈ উদ্যোগতা মণ্ডলী সক্ষম হ'ব ।
সেয়েহে, বিদ্যালয়ৰ প্রাক্তন শিক্ষার্থী আৰু শুভাকাঙ্খীসকলক এই ৭৫ বছৰীয়া উৎসৱটো উদযাপন কৰি সোণসেৰীয়া মহাক্ষণটোৰ সাক্ষী হ'বলৈ আৰু তাক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ হৈ সভাপতি যোগেশ্বৰ শইকীয়া, কাৰ্যকৰী সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা,অধ্যক্ষ তথা সম্পাদক সঞ্জীৱ কুমাৰ কলিতাই সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে সহযোগিতা কামনা কৰিছে।
উল্লেখযোগ্য যে মধ্য অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তী (Maharajat Jayanti) উপলক্ষে বৰ্তমান ব্যাপক প্ৰস্তুতি চলিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|