সত্ৰনগৰী বৰপেটাকে মুখ্য কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ নামঘৰতে আজি সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হৈছে ৷ বৰপেটা সত্ৰতো আজি গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয় ৷
বৰপেটা সত্ৰত সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷ বৰপেটা সত্ৰত আজি গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ভকত বৈষ্ণৱে পুৱাৰ প্ৰসংগত ভাগ লয় ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷ পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা কীৰ্তন আদিও গোৱা হয় ৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক বাপ জনায়ো পুৱাৰ প্ৰসংগত অংশগ্ৰহন কৰে ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত বৈষ্ণৱ, বাপ বান্ধৱ, আই মাতৃ সকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷ ইপিনে গুৰুজনাই উজনি অসম ত্যাগ কৰি ধুৱাহাটা বেলগুৰিৰ পৰা ভকত সমন্বিতে ভতিয়াই আহি বৰপেটাত প্ৰবেশ কৰি পালেংদিবৰীত ছমাহ কাল নিবাস কৰা গুৰুজনাৰ ঐতিহ্যমণ্ডিত আদি থান চিনপৰা ভিঠি থানত তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰিছে ৷ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ পৰা বৰপেটা চহৰৰ মাজেৰে ভকত বৈষ্ণৱৰ অংশগ্ৰহনেৰে এক ভাগৱত শোভাযাত্ৰা উলিওৱা হব ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : October 05, 2022, 17:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|