உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, হৰিনাম ধ্বনিৰে মুখৰ সত্ৰ–নামঘৰ

    আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, হৰিনাম ধ্বনিৰে মুখৰ সত্ৰ–নামঘৰ

    বাৰকুৰি বৰগীতৰ( বৰ্তমান ১৫৭ টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।

    বাৰকুৰি বৰগীতৰ( বৰ্তমান ১৫৭ টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।

    বাৰকুৰি বৰগীতৰ( বৰ্তমান ১৫৭ টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।

    • Share this:
    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য তথা হাজাৰী ঘোষাৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি আৰু মনোৰমা আইৰ ঔৰসত জন্মগ্ৰহণ কৰা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰন কৰে। বাৰকুৰি বৰগীতৰ( বৰ্তমান ১৫৭ টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।

    আজি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ–নামঘৰসমূহ। ধ্বনিত হৈছে হাজাৰী ঘোষা। সুদূৰ নগাপাহাৰৰ পৰা অঁকোৱা–পকোৱা বাটেৰে বাটকুৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই চাৰিখুটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে।

    প্ৰবাদ অনুসৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাইদি ভটিয়াই আহোতে ঢেকীয়াখোৱাৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল মাধৱদেৱে। দুখীয়া বৃদ্ধ দম্পতীয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল। আৰু পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটঙা ছিঙি আনি তাৰে এটি পতোৱা এৰুৱাই চাৰিখুটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰে পৰাই মহাপুৰুষ জনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ।

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।
    Published by:Sanjay Kumar Das
    First published: