মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Mahanavmi : ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালী মন্দিৰ আৰু  দীপ্তেশ্বৰী দেৱালয়তো কুমাৰী পূজা, নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক দেৱী দুৰ্গাৰ ৯ ৰূপত পূজা

Mahanavmi : ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালী মন্দিৰ আৰু  দীপ্তেশ্বৰী দেৱালয়তো কুমাৰী পূজা, নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক দেৱী দুৰ্গাৰ ৯ ৰূপত পূজা

News18 Assam | News18-Assam
Updated:October 14, 2021, 9:49 PM IST
Mahanavmi : ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালী মন্দিৰ আৰু  দীপ্তেশ্বৰী দেৱালয়তো কুমাৰী পূজা, নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক দেৱী দুৰ্গাৰ ৯ ৰূপত পূজা
মহানৱমীত কুমাৰী পূজা, ৰঙিয়া

Mahanavmi : দেৱী দুৰ্গাক ৯ ৰূপত কুমাৰী পূজা কৰিলেহে সিদ্ধি লাভ কৰিব পাৰি বুলি বিশ্বাস আছে।

  • Share this:
মহানৱমী (Mahanavmi)ৰ দিনা প্ৰান্তে প্ৰান্তে দেৱালয় সমূহত কৰা হৈছে কুমাৰী পূজা । ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালী মন্দিৰ আৰু  দীপ্তেশ্বৰী দেৱালয়তো  কৰা হৈছে কুমাৰী পূজা । ২৫২ বছৰীয়া এই দুৰ্গা পূজাৰ নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক লৈ দেৱী দুৰ্গাৰ ৯ টা ৰূপত সজাই লৈ পূজা ভাগ কৰা হয় । বৈদিক ৰীতি মতে এই পূজাভাগত কুমাৰীসকলক  দুৰ্গা ৰূপত বস্ত্ৰ পৰিধান কৰাই ধূপ-ধূনা তথা নৈবদ্য আগবঢ়োৱা হয়।

উল্লেখ্য যে দেৱী দুৰ্গাক নৱৰূপত এই কুমাৰী পূজা কৰিলেহে সিদ্ধি লাভ কৰিব পাৰি বুলি বিশ্বাস আছে । কুমাৰী পূজাৰ অন্তত এই কুমাৰী সকলক বস্ত্ৰ, প্ৰসাধন সামগ্ৰী আগবঢ়োৱাৰ লগতে পৰমান্ন খুৱাই সেৱা লয় ।

পূজা উপলক্ষে ৰঙিয়াৰ জয়ন্তী কালী মন্দিৰত বহু ভক্তৰ লগতে সুদূৰ মালয়েচিয়াৰ পৰাও ভক্ত অহা পৰিলক্ষিত হয় । ইফালে ঐতিহ্যমণ্ডিত দীপ্তেশ্বৰী দেৱালয়তো যথাৰীতি মতে কুমাৰী পূজা কৰা হয় । মা অন্নপূৰ্ণা ৰূপে খ্যাত দীপ্তেশ্বৰী দেৱালয়ত তিনি গৰাকী কুমাৰীক ‌লৈ কৰা হয় কুমাৰী পূজা ।
Published by: Manjumoni Borah
First published: October 14, 2021, 9:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি