আজি মহালয়া, কিন্তু দেৱীপক্ষ আৰম্ভ হ’ব এমাহ পিছতহে

News18 Assam | News18-Assam
Updated:September 17, 2020, 9:10 AM IST
আজি মহালয়া, কিন্তু দেৱীপক্ষ আৰম্ভ হ’ব এমাহ পিছতহে
ঠায়ে ঠায়ে বুধবাৰৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণে কিছু পৰিমাণে ম্লান কৰিলে মহালয়াৰ আনন্দ। তথাপি দেৱীক আদৰিবলৈ পিছ পৰি থকা নাই ভক্তসকল।

ঠায়ে ঠায়ে বুধবাৰৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণে কিছু পৰিমাণে ম্লান কৰিলে মহালয়াৰ আনন্দ। তথাপি দেৱীক আদৰিবলৈ পিছ পৰি থকা নাই ভক্তসকল।

  • News18 Assam
  • Last Updated: September 17, 2020, 9:10 AM IST
  • Share this:
আজি মহালয়া। কোৰোণাৰ সংক্ৰমণৰ মাজিতেই আজি চৌদিশ হাহাকাৰ হৈ থকাৰ সময়তেই আজিৰে পৰা আৰম্ভ হ’ব দেৱী দুর্গাৰ আৰাধনা। আজি হিন্দু পৰম্পৰা অনুসৰি স্বৰ্গৰ পৰা মৰ্ত্যলৈ যাত্ৰা আৰম্ভ কৰে। দেৱী দুৰ্গা সহ বাবা গণেশ, কাৰ্তিক, দেৱী লক্ষ্মী আৰু সৰস্বতী সহ সকলোকে আদৰিবলৈ যেন সাজু ভক্তগণ। পিছে পৰিৱেশ একেবাৰেই পৃথক এইবাৰ। কোৰোণাৰ প্ৰভাৱত মহালয়াৰ দিনটোত আন বছৰৰ দৰে পথলৈ ওলাই অহা নাই মানুহ।

ইয়াৰোপৰি, ঠায়ে ঠায়ে বুধবাৰৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণে কিছু পৰিমাণে ম্লান কৰিলে মহালয়াৰ আনন্দ। তথাপি দেৱীক আদৰিবলৈ পিছ পৰি থকা নাই ভক্তসকল। ধুবুৰীৰ কালিবাড়ীত কালিবাড়ী আৰু নৃত্যাজ্ঞন নামৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে সংস্কৃতিক অনুষ্ঠান, চণ্ডীপাঠ, আৰু নৃত্য–গীত। পুৱাৰে পৰা কণ কণ শিশু শিল্পীসকলে এক আটকধুনীয়া অনুষ্ঠানৰ মাজেদি দেৱী দুৰ্গাক স্বাগতম জনোৱাৰ লগতে মহামাৰী কোৰোণাক প্ৰতিহত কৰিবলৈ চৰকাৰী বাধা নিষেধ পালন কৰিলে আখৰে আখৰে। ধুবুৰী কালিবাড়ীৰ তৰফৰ পৰা দীপংকৰ মজুমদাৰে মহালয়াৰ এই দিনটোত কোৰোণাৰ প্ৰভাৱৰ পৰা সমগ্ৰ বিশ্ব মুক্ত হোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে সকলোকে সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।
Published by: Sanjay Kumar Das
First published: September 17, 2020, 9:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading