শাৰদীয় দূৰ্গোৎসৱ পদূলিমুখত। আজি ধৰাৰ বুকুলৈ নামিল দেৱী দুৰ্গা। অশুভ শক্তিক বিনাশিবলৈ মৰ্ত্যলৈ নামিল শক্তিৰূপিণী মা দুৰ্গা। মহালয়াৰ এই পবিত্ৰ দিনটোত দেৱী মাক পূজা, আৰাধনা, স্তুতি–মিনতিৰে ভক্তি অৰ্ঘ প্ৰদান কৰিবলৈ পুৱতি নিশাৰে পৰা ৰাজ্যত প্ৰৱল উৎসাহ। উল্লেখযোগ্য যে জ্যোতিষীয়ে জনোৱা মতে মহালয়াৰ সময় নিশা ২ বাজি ৩৮মিনিটৰ পৰা আজি নিশা ১২বাজি ১মিনিট ২১ছেকেণ্ডলৈ আছে। এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত উঠি মৰ্তলৈ আহিছে। ইয়াৰ ফল ‘ছত্ৰভংগস্তৰংগমে’। অনুৰূপধৰণে দেৱী দুৰ্গাই এইবাৰ ঘোঁৰাতে মৰ্ত্যৰ পৰা গমন কৰিব। শৰতৰ কাঁচলিত ধৰি, শুভ্ৰ শেৱালীৰ সুবাস বিলাই শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া আনন্দৰ লহৰ।
প্ৰচলিত বিশ্বাসত আজিৰে পৰাহে খনিকৰে বেদীত প্ৰতিষ্ঠা কৰিবলগীয়া দেৱী প্ৰতিমাৰ চকু অংকন কৰে।
উল্লেখযোগ্য যে পিতৃ পক্ষৰ অন্তত দেৱী পক্ষৰ আৰম্ভনিৰ ক্ষণত পূৰ্বপুৰুষক পিণ্ড তৰ্পণ দিবলৈও দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰো বিভিন্ন ঠাইৰ ঘাটত অসংখ্য লোকৰ সমাগম ঘটে।
![]()
মহালয়াৰ পিতৃ তৰ্পন
![]()
মহালয়াৰ পিতৃ তৰ্পন
![]()
মহালয়াৰ পিতৃ তৰ্পন
![]()
মহালয়াৰ পিতৃ তৰ্পন
![]()
মহালয়াৰ পিতৃ তৰ্পন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|