এইখিনিতে উল্লেখ কৰিব লাগিব যে জিতেন্দ্ৰ সিংসহ প্ৰদ্যুত বৰদলৈ আৰু ৰিপুণ বৰা ওলাই যোৱাৰ পিছতো অজিত ভূঞা আৰু ৰকিবুল হুছেইনে আজমলৰ ঘৰত আৰু প্ৰায় আধাঘণ্টা সময় অতিবাহিত কৰি ওলাই অহাৰ সময়ত অজিত ভূঞাই সংবাদ মাধ্যমক কয় যে তেওঁ আজমলৰ ঘৰত প্ৰথমবাৰ আহিছে। তেওঁ আৰু কয় যে আমি কোনো আলোচনাৰ বাবে অহা নাই আমি আহিছো ইফতাৰৰ উদ্দেশ্যে। অসমত এইবাৰ মহাজোঁটে চৰকাৰ কৰিব আৰু কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰী হ’ব বুলিও কৰে মন্তব্য ভূঞাই।
একেদৰে ৰকিবুল হুছেইনেও সংবাদ মাধ্যমৰ আগত কয় যে আমি কোনো আলোচনা কৰিবলৈ অহা নাই, ইফতাৰৰ বাবেহে আহিছো। আনহাতে, এগজিট প’ল মেনেজ কৰি ওলোটা দেখুৱাৰ সন্দেহ প্ৰকাশ কৰি ৰকিবুলে আৰু কয় যে এগজিট প’লত কি দেখুৱাই নেদেখুৱাই সেয়া পিছৰ কথা কিন্তু বিজেপিৰ নেতাসকলৰ মুখৰ পৰাই মহাজোঁট চৰকাৰ হোৱাটো পৰিস্ফুত হৈছে বুলি ব্যক্ত কৰে। লগতে তেওঁ আৰু কয় যে বর্তমান মানুহৰ মূল্য কমি গৈছে বয়–বস্তুর দাম আকাশলংঘী হৈছে, গতিকে আমাৰ চৰকাৰ হ’লে ৰাইজৰ মত সাপেক্ষে সকলোৰে সৈতে মিলাপ্ৰীতিৰে চলোৱা হ’ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।
ইফালে আজমলৰ বাসগৃহত মহাজোঁটৰ শীৰ্ষ নেতৃত্বৰ আগমন সন্দৰ্ভত বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া ল’বলৈ যোগাযোগ কৰা হৈছিল যদিও বদৰুদ্দিন আজমলৰ সহায়কে জানিবলৈ দিয়া মতে, এই সন্দৰ্ভত আজমলে নকৰে কোনো মন্তব্য। অৱশ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত এ আই ইউ ডি এফৰ নেতা অধিবক্তা আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে আমাৰ সকলো ঠিক চলি আছে ভাল ফল আহিব। লগতে তেওঁ আৰু কয় যে আমাৰ আলোচনা কিবা কিবি চলি আছে যদিও মন্ত্ৰিত্বক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই।এইবাৰ নিৰ্বাচনত এ আই ইউ ডি এফ দলে ১৭-১৮ খন আসন পাব বুলি দাবী কৰে আমিনুল ইছলামে।