• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ তামুলপুৰৰ শিশুৰ দেহত চুম্বকীয় গুণ, আশ্চৰ্যজনক ঘটনা চাবলৈ ৰাইজৰ ভিৰ

এইবাৰ তামুলপুৰৰ শিশুৰ দেহত চুম্বকীয় গুণ, আশ্চৰ্যজনক ঘটনা চাবলৈ ৰাইজৰ ভিৰ

কোনো ভেকচিন গ্ৰহণ নকৰা সত্ত্বেও শিশুটিৰ শৰীৰত আছে চুম্বকীয় শক্তি, শিশুটিৰ দেহত লাগি ধৰে চামুচ, ব্লেড, নগদ টকা আদি।

কোনো ভেকচিন গ্ৰহণ নকৰা সত্ত্বেও শিশুটিৰ শৰীৰত আছে চুম্বকীয় শক্তি, শিশুটিৰ দেহত লাগি ধৰে চামুচ, ব্লেড, নগদ টকা আদি।

কোনো ভেকচিন গ্ৰহণ নকৰা সত্ত্বেও শিশুটিৰ শৰীৰত আছে চুম্বকীয় শক্তি, শিশুটিৰ দেহত লাগি ধৰে চামুচ, ব্লেড, নগদ টকা আদি।

  • Share this:

শেহতীয়াভাৱে মানৱ শৰীৰত চুম্বকত্ব গুণ লাভ কৰা বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে ৷ বিশেষকৈ কোৰোনা মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে দিয়া ভেকচিন গ্ৰহণ কৰি দুই এজন লোকৰ শৰীৰত চুম্বকত্ব গুণ উদ্ভৱ হোৱাৰ বিষয়ে সৰৱ চৰ্চা অব্যাহত আছে ৷ তাৰ  মাজতে এটি শিশুক লৈ সৃষ্টি হৈছে কৌতূহল  তথা সৰৱ চৰ্চা ৷ কিয়নো শিশুটোৱে লাভ কৰিছে চুম্বকত্ব গুণ ৷  ইতিমধ্যে শিশুটোক চাবলৈ আৰম্ভ হৈছে জনতাৰ সোঁত ৷


যি সময়ত কোভিড ভেকচিন লোৱাৰ পিছতে এচাম লোকে চুম্বকত্ব লাভ কৰাৰ বাতৰি সম্প্ৰচাৰিত হৈ আছে সেইসময়তে তামুলপুৰ মহকুমাৰ  কুমাৰীকাটাৰ এটি ১০ বছৰীয়া শিশুৱে শৰীৰত লাভ কৰিছে চুম্বকত্ব। কোনো ভেকচিন গ্ৰহণ নকৰা সত্ত্বেও শিশুটিৰ শৰীৰত আছে চুম্বকীয় শক্তি ৷ শিশুটিৰ দেহত লাগি ধৰে চামুচ, ব্লেড, নগদ টকা আদি। শিশুটি কুমাৰীকাটা ডনবস্ক' স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজবীৰ প্ৰধান ৷ বাক্সা জিলাৰ কুমাৰীকাটাৰ  বিজু প্ৰধান আৰু মীনা প্ৰধানৰ দহ বছৰীয়া পুত্ৰ ৰাজবীৰ প্ৰধানৰ দেহত আজি তিনি দিন ধৰি এনেধৰণে চুম্বকত্বই ক্ৰিয়া কৰি আছে। এই ঘটনাই নিজৰ পৰিয়ালৰ লগতে ওচৰ- চুবুৰীয়াকো আচৰিত কৰি তুলিছে ৷


 ৰাজবীৰ প্ৰধানে জানিবলৈ দিয়া মতে, ফেচবুকত এজন মানুহৰ শৰীৰত চামুচ , ব্লেড আদি লাগি ধৰা দেখি নিজৰ শৰীৰতো লগাই চাইছিল ৷ কিন্তু সকলোকে আচৰিত কৰি তেওঁৰ শৰীৰতো এই সামগ্ৰী সমূহ লাগি ধৰে ৷  মাতৃ মীনা কুমাৰে কয় যে ৰাজবীৰৰ শৰীৰত সামগ্ৰীসমূহ লাগি ধৰাত আন শিশুৰ শৰীৰতো দি চোৱা গৈছিল যদিও আনৰ শৰীৰত লাগি ধৰা নাছিল ৷ বিগত তিনি দিন ধৰি  শৰীৰত ধৰা পৰা এই চুম্বকত্ব গুণৰ বিষয়ে জানিব পাৰি এয়া প্ৰত্যক্ষ কৰিবলৈ ৰাইজৰ আগমন ঘটিছে তেওঁলোকৰ ঘৰলৈ ৷

Published by:Gautam Barman
First published: