আজি গণশিল্পী মঘাই ওজাৰ মৃত্যু বাৰ্ষিকী। গণশিল্পী গৰাকীক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক কাৰ্যসূচী অনুষ্ঠিত কৰিছে। বৃহস্পতিবাৰ অৰ্থাৎ ১৫ মাৰ্চ তাৰিখটো হৈছে অসমীয়া কলা সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা ঢোলৰ ওজা গৰাকীৰ মৃত্যু বাৰ্ষিকী। ইয়াৰ লগতে সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰেক্ষাগৃহত বুধবাৰে ত্ৰয়োদশ বাৰ্ষিক মঘাই ওজা দিৱস পালন কৰে। প্ৰতিবছৰৰ দৰে এইবাৰো ঢোলৰ ওজা মঘাই ওজা বঁটা নাগাৰাসূৰ্য্য নলবাৰীৰ ৰামচৰণ ভৰালীক প্ৰদান কৰা হয়। গৱেষক ছাত্ৰ দেৱজিৎ শইকীয়ালৈ মঘাই ওজা শৈক্ষিক ন্যাস বঁটা আগবঢ়োৱা হৈছে। যোৰহাটৰ বিশিষ্ট ব্যবসায়ী কমল জালানে এই বঁটা আগবঢ়ায়।
মঘাই ওজা বঁটা প্ৰদানৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে মননশীল লেখক তথা চিন্তাবিদ ময়ুৰ বৰা উপস্থিত থাকে। লগতে বিশিষ্ট চিকিৎসক, সাহিত্যক নিৰ্মল চাহেৱালা মুখ্য অতিথি ৰূপে উপস্থিত থাকে। বুধবাৰে কেন্দ্রীয় ভাৱে অনুষ্ঠিত এই অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্য্যসূচীৰে আৰম্ভ হয়। এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পালাশ চাংমাইয়ে পতাকা উত্তোলন কৰে। ইয়াৰ পাছতেই শ্বহীদ বেদিত স্মৃতি তৰ্পন কৰাৰ লগতে মঘাই ওজাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰা হয়। ইয়াৰ পিছতে এক মুকলি সভা অনুষ্ঠিত হয়।
এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ লগতে সংগঠনটোৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা , এজেৱাইচিপিৰ যোৰহাট জিলাৰ সম্পাদক প্ৰণৱ শইকীয়া, জিলা সভাপতি বাবু দত্তকে মুখ্য কৰি বহু ব্যক্তি উপস্থিত থাকে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 16, 2023, 08:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।