• Home
  • »
  • News
  • »
  • assam
  • »
  • Til Pitha: ভোগালী বিহুৰ সময়তে তিল পিঠা, নাৰিকলৰ লাড়ু  বিক্ৰী কৰি লাখপতি নাজিৰাৰ চাৰি মহিলা

Til Pitha: ভোগালী বিহুৰ সময়তে তিল পিঠা, নাৰিকলৰ লাড়ু  বিক্ৰী কৰি লাখপতি নাজিৰাৰ চাৰি মহিলা

 সুস্বাদু আৰু উন্নত মানৰ পিঠা জিলাখনৰ বিভিন্ন স্থানত বিক্ৰী হোৱাৰ লগতে জিলাখনৰ বাহিৰতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে৷ 

সুস্বাদু আৰু উন্নত মানৰ পিঠা জিলাখনৰ বিভিন্ন স্থানত বিক্ৰী হোৱাৰ লগতে জিলাখনৰ বাহিৰতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে৷ 

সুস্বাদু আৰু উন্নত মানৰ পিঠা জিলাখনৰ বিভিন্ন স্থানত বিক্ৰী হোৱাৰ লগতে জিলাখনৰ বাহিৰতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে৷ 

  • Share this:

হেঁপাহৰ ভোগালী বিহুৰ আজি উৰুকা৷ সমগ্ৰ ৰাজ্যবাসী  উলহ-মালহেৰে ভোগালী বিহু উদযাপনৰ বাবে সাজু হৈছে ৷ উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবলৈ সাজু হৈছে ৰাজ্যবাসী৷ বিগত দুটা বছৰ ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যবাসীয়ে বিহুৰ আনন্দৰ পৰা বিৰত থাকিব লগা হৈছিল যদিও এইবাৰ চৰকাৰী ক’ভিড বিধি মানি বিহু পাতিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷


ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাবাসীও সাজু ভোগালী বিহুৰ (Magh Bihu) বাবে৷ ভোগালী বিহু আহিলেই বজাৰত বৃদ্ধি পাই থলুৱা খাদ্যৰ (native food) চাহিদা ৷ যান্ত্ৰিকতাৰ যুগত মানুহৰ ব্যস্ততা বাঢ়ি অহাৰ লগে লগে থলুৱা পিঠাপনাৰো এখন ভাল বজাৰ সৃষ্টি হৈছে৷ আৰু এইবাৰ বিহুৰ প্ৰাকক্ষণত নাজিৰাৰ ৰহদৈপুখুৰী বেংমুৰীয়া কোঁৱৰ গাঁৱৰ চাৰি মহিলাই পিঠা-লাড়ু বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷


 আজি পৰ্যন্ত লক্ষাধিক টকাৰ তিল পিঠা (Til Pitha) আৰু নাৰিকলৰ লাড়ু বিক্ৰী কৰিছে মহিলাকেইগৰাকীয়ে ৷ নিজ ঘৰতে থকা ঢেঁকীত পিঠা খুন্দি তিল পিঠা বিক্ৰী কৰি লাখ টকা উপাৰ্জন কৰিছে মহিলাকেইগৰাকীয়ে৷ গাঁওখনৰ কৰ্মোদ্যমী মহিলা ক্ৰমে সুস্মিতা কোঁৱৰ, পূৰৱী কোঁৱৰ, লিপিক কোঁৱৰ আৰু মিতালী বৰুৱাই  বিগত ৭ বছৰ ধৰি পিঠা বিক্ৰী কৰি আহিছে৷ বছৰটোৰ আন সময়তো মহিলাকেইগৰাকীয়ে পিঠা বিক্ৰী কৰে যদিও এইবাৰ বিহুত সৰ্বাধিক টকা উপাৰ্জন কৰিছে মহিলাকেইগৰাকীয়ে (women income money in Bihu by selling til pitha)৷ মহিলাকেইগৰাকীয়ে প্ৰস্তুত কৰা সুস্বাদু আৰু উন্নত মানৰ পিঠা জিলাখনৰ বিভিন্ন স্থানত বিক্ৰী হোৱাৰ লগতে জিলাখনৰ বাহিৰতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে৷ 

Published by:Gautam Barman
First published: