পহিলা মাঘত টাইপাৰ উদ্যোগত ৰংপুৰ মেলা
অসমীয়াৰ হেঁপাহৰ মাঘ বিহুৰ (Magh Bihu) আজি পহিলা দিন। পহিলা মাঘত ৰং ধেমালিৰে জীপাল হৈ পৰে ঐতিহাসিক ৰংঘৰৰ বাকৰি।
আহোম ৰাজত্ব কালৰ ৰং-ৰহইচৰ পীঠস্থান হিচাপে পৰিচিত ৰংঘৰৰ (The Rang Ghar) সন্মুখত পহিলা মাঘত টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰংপুৰ মেলা।
পুৱা পতাকা উত্তোলন, পৰম্পৰাগত ৰীতি-নীতিৰে মৈদাম তৰ্পণৰ পিছতে বিহু নৃত্য, তিৱা , কাৰ্বি, মিচিং জনগোষ্ঠীয়সকলৰ নৃত্য, নগা আও জনগোষ্ঠীৰ ৱাৰ নৃত্য , হুঁচৰি পৰিৱেশন কৰি মুখৰিত কৰি তোলে ৰংঘৰৰ বাকৰি।
ইয়াৰ উপৰি ৰংপুৰ মেলাত আহোম ৰজাৰ (Ahom Kingdom) দিনৰে পৰা চলি অহা ঢোপ খেল , কড়ি খেল , ৰছী টনা আদি খেল প্ৰদৰ্শন কৰা হয় ৰংঘৰৰ চৌহদত।
ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুটা ভেকচিন লোৱাসকলকহে প্ৰৱেশ কৰিবলৈ দিয়া হয় ৰংঘৰৰ বাকৰিত। ৰংপুৰ মেলাতে টাইপাৰ "চে-মুন" নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|