আজি ভোগালীৰ উৰুকা। ৰাজ্যৰ প্ৰতিখন বজাৰতে উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ মাছ। ৰৌ, ভকুৱা, বৰালী, চিতল, বাহু, ৰৌ আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। সকলোৱে নিজৰ পছন্দৰ মাছটো কিনিবলৈ পুৱাই ভিৰ কৰিছে বজাৰত। নিশালৈ হেঁপাহেৰে লগে–ভাগে এসাঁজ খাবলৈ ব্যাপক প্ৰস্তুতি চলাইছে প্ৰতিজন অসমীয়াই।
উৰুকা উপলক্ষে ৰাজ্যৰ বজাৰসমূহত দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ। ক’ৰবাত যদি ২০ কেজি ওজনৰ ভকুৱা, ক’ৰবাত আকৌ প্ৰকাণ্ড আৰি। উৰুকা উপলক্ষে নগাঁৱৰ বজাৰত দেখা গ’ল ২০ কেজি ওজনৰ প্ৰকাণ্ড ৰাঘ বৰালি। এজন ব্যৱসায়ী বজাৰলৈ অনা এই মাছটোক লৈ হেতা–ওপৰা লাগে নগাঁৱৰ বজাৰত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 14, 2023, 14:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।