আজি মাঘৰ প্ৰথমটো দিন। মাঘৰ পুৱা মংগল কামনাৰে মেজি জ্বলাই সকলোৱে আদৰিলে মাঘ বিহুক। শীতৰ কুৱঁলীত পথাৰত সকলোৱে একেলগ হৈ অপায়, অমংগল, অসূয়া-অপ্রীতি সকলো নিপাত যোৱাৰ আশাৰে, পূজা–পাৰ্বন, নৃত্য–গীতেৰে ডেকা–বুঢ়া, পুৰুষ–মহিলা সকলোৱে মেজিৰ জুই জ্বলায়। উৰুকা নিশা ভোজ ভাত খাই আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত সেৱা জনালে সকলোৱে।
মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি জুইত আগবঢ়াই সকলোৱে অগ্নিক সেৱা কৰে। মেজিৰ ছাঁইৰে সকলোৱে ফোঁট লয়। মাঘৰ প্ৰথমটো পুৱাত সূৰ্য্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়।
বিহু উপলক্ষে অসমীয়া মহিলাসকলে কেইবাদিনৰ আগৰ পৰাই বিহুৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে বিভিন্ন পিঠা–পনা যেনে তিল পিঠা, নাৰিকল পিঠা, খোলাচাপৰীয়া পিঠা, টেকেলী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা বনায়। লগতে বিভিন্ন ধৰণৰ লাৰু যেনে তিলৰ লাৰু, নাৰিকলৰ লাৰু ইত্যাদি তৈয়াৰ কৰে। মাঘ বিহুৰ পুৱা মেজি জ্বলোৱাৰ পিছত সকলোৱে পিঠা–পনা, দৈ–চিৰা, বৰা ভাত আৰু অন্যান্য পৰম্পৰাগত খাদ্য উপভোগ কৰে।
মাঘ বিহু শস্যৰ লগত জড়িত। এই বিহুত শস্য চপোৱা উৎসৱ হিচাপে সমগ্ৰ দেশতে পালন কৰা হয়। যদিও বিভিন্ন ৰাজ্যত ইয়াক বেলেগ নামেৰে জনা যায়, ইয়াৰ মূল হৈছে খেতি–পথাৰত শস্য চপোৱাৰ বতৰৰ সমাপ্তিৰ লগতে নতুন শস্য ৰোৱা আৰু নতুন মাহৰ আৰম্ভণি উদযাপন। অসমত উদযাপন কৰা মাঘ বিহুক তামিলনাডুত পোংগল আৰু পঞ্জাৱৰ লোহৰি হিচাপে পালন কৰা হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 15, 2023, 09:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|