২০১৫ চনত মাদ্ৰাছাত নিযুক্তিৰ বাবে ৰাজ্যত অনুষ্ঠিত হৈছিল বিশেষ টেট পৰীক্ষা। কিন্তু ৬ বছৰ আগতে টেট উত্তীৰ্ণ হৈ আজিও একাংশ যুৱক–যুৱতীয়ে নাপালে নিযুক্তি৷
২০১৫ চনত মাদ্ৰাছাত নিযুক্তিৰ বাবে ৰাজ্যত অনুষ্ঠিত হৈছিল বিশেষ টেট পৰীক্ষা। কিন্তু ৬ বছৰ আগতে টেট উত্তীৰ্ণ হৈ আজিও একাংশ যুৱক–যুৱতীয়ে নাপালে নিযুক্তি৷
ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ পিছতে গ্ৰহণ কৰিছিল দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰথমটো হ’ল ৰাজ্যৰ ১ লাখ নিবনুৱাক কৰ্ম সংস্থাপন প্ৰদান আৰু দ্বিতীয়টো হ’ল চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত। প্ৰথম সিদ্ধান্তই ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীৰ মাজত আশাৰ বতৰা কঢ়িয়াই আনিলেও দ্বিতীয়টোৰ বাবে মূৰত সৰগ ভাঙি পৰিছে একাংশ শিক্ষিত নিবনুৱাৰ। এওঁলোক হ’ল ২০১৫ চনতে মাদ্ৰাছা টেট উত্তীৰ্ণ হোৱা যুৱক-যুৱতী।
২০১৫ চনত মাদ্ৰাছাত নিযুক্তিৰ বাবে ৰাজ্যত অনুষ্ঠিত হৈছিল বিশেষ টেট পৰীক্ষা। কিন্তু ৬ বছৰ আগতে টেট উত্তীৰ্ণ হৈ আজিও একাংশ যুৱক–যুৱতীয়ে নাপালে নিযুক্তি৷ তেনে টেট উত্তীৰ্ণ যুৱক-যুৱতীসকলক নিযুক্তি প্ৰক্ৰিয়াত সাঙুৰি ল’বলৈ চৰকাৰ লৈ কাতৰ আহ্বান জনাইছে মাদ্ৰাছা টেট উত্তীৰ্ণ হাইলাকান্দি জিলা সন্থাৰ সদস্যসকলে।
আজি হাইলাকান্দিত কোভিড বিধি মানি হাতে হাতে প্লে'কাৰ্ড লৈ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ সংবাদ মাধ্যমৰ আগতে তেওঁলোকে কয়, ২০১৫ চনতে মাদ্ৰাছা টেট পৰীক্ষাত উত্তীৰ্ণ হৈ অদ্যপি নিযুক্তি লাভ নকৰিলে একাংশ যুৱক-যুৱতীয়ে৷
কিছুদিন পূৰ্বে ৰাজ্যৰ নৱনিযুক্ত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰি তেওঁলোকক নিযুক্তি দিবলৈ অনুৰোধ জনাইছিল টেট উত্তীৰ্ণ নিবনুৱাসকলে। শিক্ষা মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিলেও দুদিন আগতে সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা টেটক অমান্য ঘোষণা কৰাৰ ফলতে এতিয়া এওঁলোকৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কিয় চৰকাৰী নীতি–নিয়মেৰে অনুষ্ঠিত কৰা এটা পৰীক্ষাক অমান্য ঘোষণা কৰিলে ৰাজ্য চৰকাৰে, ইয়াৰ উত্তৰ বিচাৰিছে এইসকল নিবনুৱা যুৱক–যুৱতীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|