• Home
  • »
  • News
  • »
  • assam
  • »
  • মাদ্ৰাছা TET উত্তীৰ্ণই কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি, স্পষ্ট কৰিলে শিক্ষামন্ত্ৰীয়ে

মাদ্ৰাছা TET উত্তীৰ্ণই কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি, স্পষ্ট কৰিলে শিক্ষামন্ত্ৰীয়ে

আজি শিক্ষা বিভাগে অনুকম্পামূলক নিযুক্তি দিব ৭৬৭ জন শিক্ষক-কৰ্মচাৰীক।

আজি শিক্ষা বিভাগে অনুকম্পামূলক নিযুক্তি দিব ৭৬৭ জন শিক্ষক-কৰ্মচাৰীক।

আজি শিক্ষা বিভাগে অনুকম্পামূলক নিযুক্তি দিব ৭৬৭ জন শিক্ষক-কৰ্মচাৰীক।

  • Share this:
মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি। সাধাৰণ টেট পৰীক্ষা ত উত্তীৰ্ণ হ'লেহে লাভ কৰিব চাকৰি। শুকুৰবাৰে এই কথা স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

ইফালে আজিৰ দিনটোত ৰাজ্যৰ শিক্ষা বিভাগে অনুকম্পামূলক ভাবে নিযুক্তি দিব ৭৬৭ জন শিক্ষক-কৰ্মচাৰীক। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে প্ৰাৰ্থীসকলক প্ৰদান কৰিব নিযুক্তি পত্ৰ। ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ এয়া প্ৰথম খোজ বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

আনহাতে স্নাতক পৰ্যায়ত নামভৰ্তিৰ নামত ৰাজ্যৰ একাংশ আগশাৰীৰ শিক্ষানুষ্ঠানে বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰায় ১১খন মহাবিদ্যালৰ বিৰুদ্ধে এই অভিযোগ। এতিয়া সেই মহাবিদ্যালয় সমূহক বৰ্ণবাদৰ আশ্ৰয় নলবলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে।



ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ দিন। আজিৰ এই বিশেষ দিনটোত চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু কেশৱ মহন্তই। পীয়ুষ হাজৰিকাই কয় যে, 'চৰকাৰে পাৰ কৰা এই এশ দিন সাফল্যৰ।ড্ৰাগছৰ ক্ষেত্ৰত চলোৱা অভিযানে ৰাইজক ভাবিব নোৱাৰা সফলতা দিছে।প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতো চৰকাৰে অভূতপূৰ্ব সফলতা লাভ কৰিছে।ৰঙা-ফিটাৰ মেৰপেছ নাইকিয়া কৰাত যথেষ্ট পৰিমাণে সফল হৈছে। স্ব-নিৰ্ভৰশীল হ'বলৈ চৰকাৰৰ কৰিবলগীয়া বহু কাম আছে,সেই ক্ষেত্ৰত আমি এখোজ-দুখোজ কৈ আগবাঢ়িছো।'
Published by:Himangshu Bhuyan
First published: