মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰায় ২০ হাজাৰ প্ৰাৰ্থীৰ আশাত পৰিল চেচাপানী! শিক্ষক পদৰ বাবে আবেদন কৰিব নোৱাৰিব মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। শুকুৰবাৰে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ফলত হাজাৰ হাজাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ শিক্ষক পদৰ বাবে আবেদনৰ পথ সম্পূৰ্ণৰূপে ৰুদ্ধ হৈ পৰিল।
অসম চৰকাৰে যোৱা ১০ ছেপ্তেম্বৰ ২০২০ত এক অধিসূচনা জাৰি কৰি মাদ্ৰাছা টেট উত্তীৰ্ণক সাধাৰণ শিক্ষক পদৰ বাবে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰে। আৰু তাৰ পিছতে নিযুক্তি বঞ্চিত বহুসংখ্যক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু অৱশেষত গুৱাহাটী হাইকোৰ্টে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখে।
উল্লেখ্য যে, ২০১৪ চনত অসম চৰকাৰে প্ৰাদেশীকৃত শিক্ষানুষ্ঠাসমূহত নিযুক্তিৰ অংশ হিচাপে মাদ্ৰাছা টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল। আৰু ফলাফল অনুসৰি প্ৰায় ২০,৫০০ গৰাকী প্ৰাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|