ভংগ হ'ব মাদ্ৰাছা ব’ৰ্ড। পৰীক্ষাসমূহ ছেবা আৰু কাউন্সিলৰ অধীনত হ'ব।
ভংগ হ'ব মাদ্ৰাছা ব’ৰ্ড। পৰীক্ষাসমূহ ছেবা আৰু কাউন্সিলৰ অধীনত হ'ব।
নবেম্বৰৰ পৰা ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা শিক্ষা। চৰকাৰী সাধাৰণ শিক্ষালৈ ৰূপান্তৰ হ’ব মাদ্ৰাছা শিক্ষা। আজি শিৱসাগৰত এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকল থাকিবই, কাৰো চাকৰি নাযায়। আধুনিক শিক্ষাৰ বিষয়সমূহ থাকিব, নাথাকিব ধৰ্মীয় শিক্ষা। বৰ্তমানৰ মাদ্ৰাছা নামটো গুচি সেই নামেৰেই পৰিচিত হ'ব বিদ্যালয়সমূহ। ভংগ হ'ব মাদ্ৰাছা ব’ৰ্ড। পৰীক্ষাসমূহ ছেবা আৰু কাউন্সিলৰ অধীনত হ'ব।
আজি শিৱসাগৰত দিখৌ নদীৰ ওপৰত নতুন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিৰিপুৰীয়া ঘাট-দিচিয়াল সংযোগী দলঙৰ আধাৰশিলা স্থাপন। দলং খনৰ দৈৰ্ঘ্য হ'ব ১৬১.২৬ মিটাৰ। ব্যয় ধাৰ্য কৰা হৈছে ১৮ কোটি টকা। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাও।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|