মুখ্যপৃষ্ঠা » খবৰ

» অসম

»তিনি বছৰ ধৰি ডিটেনশ্যন কেম্পত দুৰ্বিসহ জীৱন, আজি মুকলি আকাশৰ তললৈ আহিব মধুবালা!

তিনি বছৰ ধৰি ডিটেনশ্যন কেম্পত দুৰ্বিসহ জীৱন, আজি মুকলি আকাশৰ তললৈ আহিব মধুবালা!

Sanjay Kumar Das | News18-Assam
Updated:June 26, 2019, 11:22 AM IST
তিনি বছৰ ধৰি ডিটেনশ্যন কেম্পত দুৰ্বিসহ জীৱন, আজি মুকলি আকাশৰ তললৈ আহিব মধুবালা!
একে নাম হোৱাৰ বাবে মধুবালা নমঃদাস নামৰ এগৰাকী মহিলাৰ সলনি মধুবালা মণ্ডলক প্ৰেৰণ কৰা হৈছিল ডিটেনশ্যন কেম্পলৈ।

একে নাম হোৱাৰ বাবে মধুবালা নমঃদাস নামৰ এগৰাকী মহিলাৰ সলনি মধুবালা মণ্ডলক প্ৰেৰণ কৰা হৈছিল ডিটেনশ্যন কেম্পলৈ।

  • Share this:
চিৰাঙৰ বিজনীৰ মধুবালা মণ্ডল নামৰ মহিলাগৰাকীক আজি মুক্তি দিয়াৰ সম্ভাৱনা আছে। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে দাখিল কৰা আবেদনৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে ডিটেনশ্যন কেম্পৰ পৰা মহিলাগৰাকীক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে৷ তিনি বছৰ ধৰি
কোকৰাঝাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছে মধুবালা।

একে নাম হোৱাৰ বাবে মধুবালা নমঃদাস নামৰ এগৰাকী মহিলাৰ সলনি মধুবালা মণ্ডলক প্ৰেৰণ কৰা হৈছিল ডিটেনশ্যন কেম্পলৈ।

মধুবালা মণ্ডলৰ ঘৰ চিৰাং জিলাৰ বিজনীৰ ১নং বিষ্ণুপুৰত। বিদেশী ঘোষিত নোহোৱাকৈয়ে এই মহিলাগৰাকীয়ে প্ৰায় ৩ বছৰ ধৰি বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে ডিটেনশ্যন কেম্পত। স্থানীয় লোকৰ অভিযোগ অনুসৰি, ২০১৬ চনত বিদেশী ন্যায়াধীকৰণে ১নং বিষ্ণুপুৰৰ মাখন নমঃদাসৰ পত্নী মধুবালা নমঃদাসলৈ প্ৰেৰণ কৰিছিল বিদেশীৰ জাননী। কিন্তু ইতিমধ্যে মৃত্যু হৈছে মাখন নমঃদাস আৰু মধুবালা নমঃদাসৰ। ইয়াৰ পিছতে বিদেশী ন্যায়াধীকৰণে উক্ত জাননীৰ ভিত্তিত মধুবালা দাসক বিচাৰি নাপাই একে গাঁৱৰে মধুবালা মণ্ডলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল।



উল্লেখযোগ্য যে ১৯৭১ৰ ভোটাৰ তালিকাৰ লগতে অন্যান্য নথি–পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণে মধুবালা মণ্ডলক অযথা বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ তুলিছিল গাঁওবাসীয়ে। অতি দৰিদ্ৰ মধুবালাই বিনা কাৰণতে কোকৰাঝাৰ ডিটেনশ্যন কেম্পত কটাবলগীয়া হৈছে বন্দীত্বৰ জীৱন।
First published: June 26, 2019, 11:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি