• Home
  • »
  • News
  • »
  • assam
  • »
  • নিয়োগ বাৰ্তাঃ লক্ষীমপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক পদৰ বাবে বিচৰা হৈছে আবেদন

নিয়োগ বাৰ্তাঃ লক্ষীমপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক পদৰ বাবে বিচৰা হৈছে আবেদন

.

.

বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ নিয়ম অনুসৰি যোগ্যতা থকা নতুন আৰু অভিজ্ঞ অথবা অৱসৰপ্ৰাপ্ত ইচ্ছুক প্ৰাৰ্থীক নিজৰ যোগাযোগ ঠিকনাসহ বায়'ডাটা universitymadhabdev@gmail.com ত ই-মেইলযোগে ২৫ আগষ্ট, ২০২২ ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

  • Share this:
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ে কালি প্ৰকাশ কৰা এক বিজ্ঞাপন অনুসৰি, লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰৰ বিভিন্ন বিষয়ত অতিথি অধ্যাপক পদৰ বাবে আবেদন বিচৰা হৈছে। স্নাতক আৰু স্নাতকোত্তৰ বিষয়বোৰ হৈছেঃ অসমীয়া, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, শিক্ষা, ইংৰাজী, বুৰঞ্জী, গণিত বিজ্ঞান, দৰ্শন, ৰাজনীতি বিজ্ঞান, পদাৰ্থ বিজ্ঞান, সমাজশাস্ত্ৰ, পৰিসংখ্যা বিজ্ঞান আৰু জীৱবিজ্ঞান। আনহাতে, স্নাতকত পদ খালী থকা বিষয়বোৰ হৈছেঃ সাংবাদিকতা আৰু গণমাধ্যম, কম্পিউটাৰ বিজ্ঞান, শাৰীৰিক শিক্ষা আৰু যোগ। বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ নিয়ম অনুসৰি যোগ্যতা থকা নতুন আৰু অভিজ্ঞ অথবা অৱসৰপ্ৰাপ্ত ইচ্ছুক প্ৰাৰ্থীক নিজৰ যোগাযোগ ঠিকনাসহ বায়'ডাটা universitymadhabdev@gmail.com ত ই-মেইলযোগে ২৫ আগষ্ট, ২০২২ ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। নিৰ্বাচিত প্ৰাৰ্থীসকলক বিশ্ববিদ্যালয়ে তেওঁলোকৰ যোগাযোগ নম্বৰ আৰু ই-মেইলযোগে যোগাযোগ কৰিব।

Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি