লৌৰ্গি থিয়েটাৰ গ্ৰুপে ২০০৯ চনত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা প্ৰতি বছৰে গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সৈতে সংগতি ৰাখি বিভিন্ন নাট্য কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। বিগত বৰ্ষৰ দৰে এইবেলিও ৩৫ দিনীয়া কাৰ্যসূচীৰে প্ৰাপ্তবয়স্কৰ বাবে কোকৰাঝাৰত এখন নাট্য কৰ্মশালা আয়োজন কৰা হৈছে। যোৱা ২৬ জুনৰ পৰা আৰম্ভ হোৱা উক্ত কৰ্মশালাখন অহা ৩১ জুলাইত সামৰণি পৰিব। মংগলবাৰে লৌৰ্গি থিয়েটাৰ গ্ৰুপৰ সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ ব্ৰহ্মই NEWS 18 অসম NORTH EAST -ৰ আগত এই সন্দৰ্ভত সদৰি কৰা অনুসৰি কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ সজল মণ্ডল, জয়ন্ত নাৰ্জাৰীৰ লগতে জয়ন্ত ৰাভা, বসন্ত ৰাভা উপস্থিত থকাৰ উপৰিও মণিপুৰৰ জ্যেষ্ঠ নাট্যকৰ্মী যদুমণি সিং উপস্থিত থাকে। সিঙে নাট্য প্ৰশিক্ষণৰ উপৰিও বিভিন্ন জীৱ-জন্তুৰ মুখা শিল্প, মেক-আপ ইত্যাদিৰ প্ৰশিক্ষণ দি আছে। তদুপৰি কৰ্মশালাখনিত সুদূৰ ধেমাজিৰ পৰাও অংশগ্ৰহণ কৰাৰ কথা সদৰি কৰি সামৰণিৰ দিনটোত "ভেকুলীৰ কিয় নেজ নাই " শীৰ্ষক এখন নাট্য নিবেদন কৰিব বুলি জানিব দিয়ে। ইয়াৰ জৰিয়তে তেওঁলোক আশী শতাংশ সফল হৈছে বুলি দাবী কৰে।
আনহাতে, মণিপুৰৰ জ্যেষ্ঠ শিল্পী তথা প্ৰশিক্ষক যদুমণি সিঙে NEWS 18 অসম NORTH EAST ৰ আগত নিজৰ কলা-সংস্কৃতিৰ সৈতে নতুন প্ৰজন্মক পৰিচয় কৰাই দিবলৈ তথা জীয়াই ৰাখিবলৈ নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব বুলি মন্তব্য কৰে। সকলোৱে চৰকাৰী চাকৰি পাব বুলি কোনো নিশ্চয়তা নাই। গতিকে বিভিন্ন সৃষ্টিশীল কাম শিকি লোৱা উচিত। যাতে ইয়াৰ দ্বাৰা জীৱিকা নিৰ্বাহৰ পথ মুকলি কৰি ল'ব পাৰিব বুলিও তেওঁ মত পোষণ কৰে। উল্লেখ্য যে, কৰ্মশালাখনৰ সন্দৰ্ভত জনগণৰ সমৰ্থন অবিহনে কোনো বে-চৰকাৰী সংস্থা বা স্বেচ্ছাসেৱী সংগঠনে কাম কৰিব নোৱাৰে বুলিও সিঙে মন্তব্য প্ৰদান কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : July 20, 2022, 06:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।