உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সংবাদমেলযোগে চৰকাৰক তীব্ৰ সমালোচনা AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ, Covid কালত আৰ্থিকভাৱে জুৰুলা লোকক সাহায্য প্ৰদানৰ দাবী...

    সংবাদমেলযোগে চৰকাৰক তীব্ৰ সমালোচনা AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ, Covid কালত আৰ্থিকভাৱে জুৰুলা লোকক সাহায্য প্ৰদানৰ দাবী...

    ক'ভিডৰ পৰিস্থিতিক লৈ সংবাদমেলত চৰকাৰক কঠোৰ সমালোচনা কৰে লুৰিণ জ্যোতি গগৈয়ে । গগৈৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে এতিয়া সমগ্র দেশৰ লগতে অসমতো এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক'ভিডে ।

    • Share this:
    ডিব্ৰুগড়স্থিত  হোটেল প্ৰীমলেণ্ডত  অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ সংবাদ মেল । ক'ভিডৰ পৰিস্থিতিক লৈ সংবাদমেলত চৰকাৰক কঠোৰ সমালোচনা কৰে লুৰিণ জ্যোতি গগৈয়ে । গগৈৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে এতিয়া সমগ্র দেশৰ লগতে অসমতো এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক'ভিডে ।

    বাহিৰৰ দেশলৈ ক'ভিড ভেকচিন ৰপ্তানি কৰা সময়ত দেশত কভিড টীকাকৰণ প্ৰদান নকৰা বাবে এতিয়া তাৰ ফল ভুগিছে বুলি মন্তব্য আগবঢ়ায় লুৰিণজ্যোতি গগৈয়ে ।
    ইফালে ৰাজ্য চৰকাৰে ক'ভিডৰ দিশত কোনো বিশেষ কাৰ্য্য সম্পন্ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । ক'ভিডত মৃত্যুৰ সংখ্যা প্ৰকৃত তথ্য চৰকাৰে লুকুৱাব বিচৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ ।

    ইফালে ৰাজ্যৰ সকলো অঞ্চলত বৰ্তমান সময়ত অধিক ক'ভিড পৰীক্ষা কৰাৰ লগতে সকলোৰে বাবে ক'ভিড ভেকচিন সুলভভাৱে মুকলি কৰি দিবলৈ সংবাদমেলত দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদে । অসম চিকিৎসা মহাবিদ্যালয়ত অধিক ICU বিচনা স্থাপন কৰা লগতে ভিন্ন স্থানত থকা স্বাস্থ্য কেন্দ্ৰত ক'ভিড চেণ্টাৰ স্থাপন কৰিবলৈ আৰু ভিন্ন স্থানত থকা ব্যক্তিগত চিকিৎসালয়সমূহত বিশেষ ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদে । দেশৰ এই ভয়াৱহ পৰিস্থিতিৰ দিশত সম্পূৰ্ণৰূপে আৰ্থিকভাৱে ভাগি পৰা ক্ষুদ্ৰ বেপাৰ বাণিজ্যত জড়িত লোকসকল, সৰ্বসাধাৰণ লোকসকলক আৰ্থিক সাহায্য দিয়া, মহিলা সকলৰ ভিন্ন ঋণসমূহ ৰেহাই কৰা আদি দিশত দাবী উত্থাপন কৰে সংবাদমেলত গগৈয়ে । ইফালে এই সময়ত অসাধু এটা চক্ৰই ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কৃত্ৰিম নাটনি কৰি বজাৰত মূল্য বৃদ্ধি কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ । আনহাতে, বৰ্তমান শিক্ষাৰ্থী সকলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ সংবাদমেলত দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদে ।
    Published by:Kokil Sarma
    First published: