ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে কয়, মিজোৰ আক্ৰমণৰ বিষয়ত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে কয়, মিজোৰ আক্ৰমণৰ বিষয়ত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ।
নিশা লায়লাপুৰৰ তিনি শ্বহীদ জোৱানৰ ঘৰলৈ গৈ খবৰ লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বৃহস্পতিবাৰে প্ৰথমে গুৱাহাটীৰ পৰা মেঘালয় হৈ কাছাৰত আহি উপস্থিত হয় লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ সাতজনীয়া এটা সঁজাতী দল। কাছাৰত উপস্থিত হৈ দলটোৱে প্ৰথমে বৃহস্পতিবাৰে সন্ধিয়া মিজোৰ আক্ৰমণত আহত হৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীনহৈ থকা আৰক্ষী জোৱানসকলৰ স্বাস্থ্যৰ বুজ লয়।
ইয়াৰ পিছতে নিশা আহি উপস্থিত হয় হাইলাকান্দি জিলাত। হাইলাকান্দিত আহি প্ৰথমে কাটলিছেড়া সমষ্টিৰ কৃষ্ণপুৰত থকা শ্বহীদ চামচুজ্জামান বড়ভূঞাৰ ঘৰলৈ যায়। তাতে শ্বহীদ চামচুজ্জামানৰ পিতৃ আৰু পত্নীক সাক্ষাৎ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।
ইয়াৰ পিছতে হাইলাকান্দি চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ শ্বহীদ স্বপন ৰায় আৰু পিছতে আলগাপুৰৰ ভাটিৰকুপা গাঁৱত শ্বহীদ লিটন শুক্লবৈদ্যৰ ঘৰত উপস্থিত হৈ এই দুই শ্বহীদৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
লুৰিণজ্যোতি গগৈৰ লগতে অহা দলটোত আছে অসম জাতীয় পৰিষদৰ উপ–সভাপতি চমছেৰ সিং, মিল্টন কুইয়া, দলটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, সাংগঠনিক সম্পাদক ফকৰুল ইচলাম, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্ভিদ শৰ্মা আৰু আহ্বায়ক ইফটিকাৰ হুছেইন।
ইপিনে, শ্বহীদ পৰিয়ালক সাক্ষাৎ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগতে লায়লাপুৰ কাণ্ডক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নীৰৱ ভূমিকাক লৈ তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সকলো বিষয়ত টুইট কৰে কিন্তু ৬ গৰাকী আৰক্ষী জোৱানৰ হত্যাৰ পিছতে এটা টুইট কৰি দুখ প্ৰকাশ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।
লগতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে কয়, মিজোৰ আক্ৰমণৰ বিষয়ত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। চৰকাৰৰ হাতত নাই চোৰাংচোৱাৰ কোনো তথ্য, নাছিল কোনো আগতীয়া খবৰ। বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অসমখন ধ্বংস কৰিব বিচাৰিছে বুলি অভিযোগ কৰে তেওঁ। ইপিনে, শুকুৰবাৰে তেওঁ বিবাদিত লায়লাপুৰলৈ যাব বুলিও সংবাদ মাধ্যমক অবগত কৰায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|