মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা আৰক্ষী জোৱান নাজমূল হুছেইনৰ বৰপেটাৰ বাসগৃহত লুৰিণজ্যোতি গগৈ, চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা আৰক্ষী জোৱান নাজমূল হুছেইনৰ বৰপেটাৰ বাসগৃহত লুৰিণজ্যোতি গগৈ, চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

News18 Assam | News18-Assam
Updated:August 2, 2021, 9:19 AM IST
মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা আৰক্ষী জোৱান নাজমূল হুছেইনৰ বৰপেটাৰ বাসগৃহত লুৰিণজ্যোতি গগৈ, চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
গোচৰ, অভিযোগ-প্ৰতি অভিযোগৰ বিপৰীতে সীমা সমস্যৰ স্থায়ী সমাধান আৰু সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তাৰ দাবী লুৰিণজ্যোতি গগৈৰ৷

গোচৰ, অভিযোগ-প্ৰতি অভিযোগৰ বিপৰীতে সীমা সমস্যৰ স্থায়ী সমাধান আৰু সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তাৰ দাবী লুৰিণজ্যোতি গগৈৰ৷

  • Share this:
মিজো আৰক্ষীৰ গুলীত শ্বহীদ আৰক্ষী জোৱান নাজমূল হুছেইনৰ বৰপেটাৰ কদমগুৰি গাঁৱত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ৷ জাতীয় পৰিষদৰ নেতাগৰাকীয়ে শোকাকুল পৰিয়ালবৰ্গক সাক্ষাৎ কৰি পৰিয়ালটোৰ দুখৰ সমভাগী হয়৷ দলটোৰ কেবাগৰাকীও নেতাৰ সৈতে শ্বহীদ পৰিয়ালটোত উপস্থিত হোৱা জাতীয় পৰিষদৰ নেতাগৰাকীয়ে সীমা সমস্যাৰ লগতে উপ-নিৰ্বাচন সম্পৰ্কেও সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷

উত্তৰ পূবৰ ৰাজ্য সমুহৰ মাজত দিল্লীয়ে সমন্বয় স্থাপন হোৱাতো নিবিচাৰে৷ তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতি নিৰ্লিপ্ততাৰে ইচ্ছা কৰিয়েই সীমা সমস্যাটোক দীৰ্ঘকাল ধৰি জীয়াই ৰখাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ৷ নেডাৰ বৈঠকৰ পিছত অসমবাসীয়ে সীমা সমস্যাটোৰ স্থায়ী সমাধান আশা কৰিছিল যদিও চৰকাৰৰ ভুল নীতিৰ বাবেই ৬ জনকৈ লোকক হেৰুৱাবলগীয়া হ'ল বুলি ক্ষোভ প্ৰকাশ লুৰিণজ্যোতি গগৈৰ৷

গোচৰ, অভিযোগ-প্ৰতি অভিযোগৰ বিপৰীতে সীমা সমস্যৰ স্থায়ী সমাধান আৰু সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তাৰ দাবী লুৰিণজ্যোতি গগৈৰ৷ নেডাৰ নেতৃত্বত উত্তৰ–পূবৰ ৰাজ্যসমূহত চলি থকা বিজেপি চৰকাৰৰ ক্ষতি হ’ব বুলিয়েই অসমৰ ৰাইজক সীমা সমস্যাৰ নামত পণবন্দী কৰি ৰখাৰো অভিযোগ লুৰিণজ্যোতি গগৈৰ৷

আনকি মিজো আৰক্ষীয়ে অসমৰ তিনি কিলোমিটাৰ ভিতৰত অৱস্থান কৰি থকা বুলি দাবী কৰি অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব বুলি মিছা কথাৰে অসমৰ ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে৷

ইপিনে, অসমৰ ৰাইজক ঋণ মুক্তিৰ লগতে কেতবোৰ মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকা বুলি অভিযোগ তুলি উপ–নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধ হৈ ভোটদানৰ আহ্বান লুৰিণজ্যোতি গগৈৰ৷ উপনিৰ্বাচনত মৰিয়নি সমষ্টিত লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা সম্পৰ্কত দলে সিদ্ধান্ত ল’ব বুলি ইংগিতপূৰ্ণ মন্তব্য কৰে ৷

আনহাতে এটা সমষ্টিত এজন প্ৰাৰ্থী থিয় কৰোৱাক লৈ জাতীয় পৰিষদে আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি বিৰোধী দলসমূহে কিদৰে সঁহাৰি জনায় তাৰ ওপৰতে উপ–নিৰ্বাচনৰ ৰণকৌশল নিৰ্ণয় কৰিব বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ৷
Published by: Sanjay Kumar Das
First published: August 2, 2021, 9:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি