চৰাঞ্চলৰ লোকক ভূমি পট্টা দিয়া ন'হব ! মুখ্যমন্ত্ৰীৰ ঘোষণাক উভতি ধৰিলে লুৰিণজ্যোতি গগৈয়ে।
প্ৰসংগ বসুন্ধৰা ২.০, মুখ্যমন্ত্ৰীয়ে চৰ অঞ্চলৰ লোকে ভূমি পট্টা নাপাব বুলি কৰা ঘোষণাৰ তীব্ৰ প্ৰতিক্ৰিয়া অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। নলবাৰী ৰাস মহোৎসৱত ভাগ লৈ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে দালালৰ পৰামৰ্শ লৈহে ভূমি নীতি তৈয়াৰ কৰিব লগা হোৱাটো দুৰ্ভাগ্যজনক।
অসমৰ মানুহৰ ভূমি অধিকাৰ নিশ্চিত কৰি চৰকাৰক তেওঁ হৰিশংকৰ ব্ৰহ্ম সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে চৰ অঞ্চলৰ লোকক ভূমি পট্টা দিয়া নহ'ব বুলি ঘোষণা কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰা বুলি কৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
প্ৰতিজন বৈধ ভাৰতীয়ই মাটিৰ অধিকাৰ পাবই লাগিব বুলি দাবী উত্থাপন কৰি ভূমি অধিকাৰক সাম্প্ৰদায়িক ৰহণ নাসানিবলৈ সকীয়াই দিয়ে। আনহাতে তেওঁ চৰকাৰক কোনো বিদেশীকে মাটিৰ অধিকাৰ নিদিওঁ বুলি ঘোষণা কৰিবলৈ আহ্বান জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|