পুনৰ গুপ্তহত্যাৰ দিনবোৰ ঘূৰি আহিছে, ডিব্ৰুগড়ত নৱনিৰ্মিত শ্বহীদ ভৱন উদ্বোধন কৰি মন্তব্য লুৰিণ জ্যোতি গগৈৰ

News18 Assam | News18-Assam
Updated:November 13, 2020, 6:58 PM IST
পুনৰ গুপ্তহত্যাৰ দিনবোৰ ঘূৰি আহিছে, ডিব্ৰুগড়ত নৱনিৰ্মিত শ্বহীদ ভৱন উদ্বোধন কৰি মন্তব্য লুৰিণ জ্যোতি গগৈৰ
শেহতীয়াকৈ অসমত সাংবাদিকক পৰিকল্পিতভাৱে হত্যা কৰা বুলি যি অভিযোগ উত্থাপিত হৈছে এনে ঘটনাতো গভীৰ উদ্বেগ প্ৰকাশ কৰে তেওঁ।

শেহতীয়াকৈ অসমত সাংবাদিকক পৰিকল্পিতভাৱে হত্যা কৰা বুলি যি অভিযোগ উত্থাপিত হৈছে এনে ঘটনাতো গভীৰ উদ্বেগ প্ৰকাশ কৰে তেওঁ।

  • Share this:
ডিব্ৰুগড় চৌকিডিঙ্গিত শুকুৰবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্মিত শ্বহীদ ভৱন আৰু কম্পিউটাৰ- শৈক্ষিক তথ্য কেন্দ্ৰ উদ্বোধন কৰে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

তিনিমহলীয়া নৱনিৰ্মিত ভৱন উদ্বোধন কৰি লুৰিণ জ্যোতি গগৈয়ে এই নতুন ভৱন ডিব্ৰুগড়বাসীৰ বাবে এটা উল্লেখযোগ্য অনুষ্ঠান হৈ ৰ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে নৱনিৰ্মিত ভৱনটোত নতুন নতুন চিন্তাৰ অংকুৰণ হ'ব বুলিও আশা প্ৰকাশ কৰে। জাতিৰ বিপদ–আপদৰ সময়ত  ৰাইজ শ্বহীদ ভৱনত সমবেত হৈ সঠিক পথ নিৰ্ধাৰণ কৰিব বুলিও ব্যক্ত কৰে লুৰিণ জ্যোতি গগৈয়ে।

ইপিনে শেহতীয়াকৈ অসমত সাংবাদিকক পৰিকল্পিতভাৱে হত্যা কৰা বুলি যি অভিযোগ উত্থাপিত হৈছে এনে ঘটনাতো গভীৰ উদ্বেগ প্ৰকাশ কৰে তেওঁ। বৰ্তমান চৰকাৰৰ কাৰ্যকালতো সাংবাদিক হত্যা তথা আক্ৰমণ বন্ধ কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় বুলি ক্ষোভ প্ৰকাশ কৰে। হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ গুপ্তহত্যা দিনবোৰ পুনৰ ঘূৰি অহা বুলিও চৰকাৰক কঠোৰ সমালোচনা কৰে আছু নেতাগৰাকীয়ে।

অনুষ্ঠানত অৰুণাচল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডীন ড০ সৃষ্টিধৰ দত্ত, আছু নেতা অনিল গগৈ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক গনেন্ধেশ্বৰ শইকীয়া আদিকে ধৰি বহু সংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: November 13, 2020, 6:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading