১৮ নৱেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন

News18 Assam | News18-Assam
Updated:October 4, 2020, 6:42 PM IST
১৮ নৱেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন
দুলীয়াজান চলাকটকী খেলপথাৰ, দুলীয়াজান মহাবিদ্যালয় আৰু দুলীয়াজান বালিকা বিদ্যালয়ত অনুষ্ঠিত হ’ব এই অধিৱেশনখনি।

দুলীয়াজান চলাকটকী খেলপথাৰ, দুলীয়াজান মহাবিদ্যালয় আৰু দুলীয়াজান বালিকা বিদ্যালয়ত অনুষ্ঠিত হ’ব এই অধিৱেশনখনি।

  • Share this:
সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিবেশন দুলীয়াজানত অনুষ্ঠিত হ'ব। ১৮, ১৯, ২০ আৰু ২১ নৱেম্বৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আছুৰ অধিবেশন। দেওবাৰে দুলীয়াজানৰ কমলাবাৰী পথত অৱস্থিত আছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই সৰ্ন্দভত অৱগত কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

দুলীয়াজানত হ’বলগীয়া আছুৰ অধিৱেশনৰ অতিথিশালা নিৰ্মাণ হ’ব অসম মেডিকেল কলেজৰ আৰ্হিত আৰু মূল তোৰণখন নিৰ্মাণ হব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাট চ’ৰাৰ আৰ্হিত।

অইল ইণ্ডিয়া, অসম গেছ কোম্পানী, নামৰূপ সাৰকাৰখানা, গেছ ক্ৰেকাৰ, অসম পেট্ৰ’কেমিকেল লিমিটেড আৰু চাহ বাগিচাসমূহক লৈ এখন প্ৰৰ্দশনী থাকিব আধিবেশনত।

দুলীয়াজান চলাকটকী খেলপথাৰ, দুলীয়াজান মহাবিদ্যালয় আৰু দুলীয়াজান বালিকা বিদ্যালয়ত অনুষ্ঠিত হ’ব এই অধিৱেশনখনি।
Published by: Sanjay Kumar Das
First published: October 4, 2020, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি