আছুৰ পৰা এলাগি হৈছে নেকি ড০ সমুজ্জ্বল ভট্টাচাৰ্য! – মুখ খুলিলে লুৰিণজ্যোতি গগৈয়ে

News18 Assam | News18-Assam
Updated:October 16, 2020, 7:15 PM IST
আছুৰ পৰা এলাগি হৈছে নেকি ড০ সমুজ্জ্বল ভট্টাচাৰ্য! – মুখ খুলিলে লুৰিণজ্যোতি গগৈয়ে
লুৰিণজ্যোতি গগৈয়ে কয় যে শেহতীয়াভাৱে একাংশ লোকে হীনমন্যতাত ভুগি এনেদৰে আছুৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিছে৷

লুৰিণজ্যোতি গগৈয়ে কয় যে শেহতীয়াভাৱে একাংশ লোকে হীনমন্যতাত ভুগি এনেদৰে আছুৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিছে৷

  • Share this:
আছুৰ পৰা এলাগি হৈছে নেকি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য! এই সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত চৰ্চা চলাৰ সময়তে মুখ খুলিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ বাক্সা জিলাৰ তামুলপুৰত বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ লুৰিণজ্যোতি গগৈয়ে কয় যে কাকো আছুৰ পৰা এলাগী কৰা নাই৷ এয়া অপপ্ৰচাৰ৷ আছু সামুহিক চিন্তাৰে পৰিচালিত এটা সংগঠন৷ ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তি বিশেষক পূজা কৰা নহয়৷

লুৰিণজ্যোতি গগৈয়ে কয় যে শেহতীয়াভাৱে একাংশ লোকে হীনমন্যতাত ভুগি এনেদৰে আছুৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিছে৷ আছুৰ পৰা কাকো এলাগী কৰা হোৱা নাই৷ এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে।

আছুু আৰু এজেৱাইচিপিৰ নেতৃত্বত গঠিত ৰাজনৈতিক দলটোক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় – ‘‘হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো মূল্য নাই৷ ৫৬জন বিধায়কৰ সমৰ্থন লৈও মুখ্যমন্ত্ৰী হ’ব নোৱাৰা লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰীত নিমজ্জিত এইগৰাকী নিলাজ মন্ত্ৰী৷ তেনে এগৰাকী ব্যক্তিৰ কোনো কথাই ৰাইজক প্ৰভাৱান্বিত কৰিব নোৱাৰে৷’’

সভাৰ শেষত সাংবাদিকৰ আগত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যখনৰ জাতীয়তাবাদী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হ’বলৈও আহ্বান জনায়৷ তেওঁ ৰাষ্ট্ৰীয় দলসমূহক ৰাজ্যৰ ৰাজনীতিৰ পৰা উৎখাত কৰিবলৈ সকলো আঞ্চলিকতাবাদী ৰাজনৈতিক দলক আগন্তুক দিন একতাৰে অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 7:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading