বিজেপিক ওফৰাবলৈ, কংগ্ৰেছ-AIUDFক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ’ব লাগিব, ক’লে লুৰিণজ্যোতি গগৈয়ে

News18 Assam | News18-Assam
Updated:September 22, 2020, 7:45 PM IST
বিজেপিক ওফৰাবলৈ, কংগ্ৰেছ-AIUDFক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ’ব লাগিব, ক’লে লুৰিণজ্যোতি গগৈয়ে
বৰ্তমানৰ চৰকাৰখনে জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে হিন্দু-মুছলমানৰ ৰাজনীতি তথা অসমীয়া-বঙালীৰ যি ৰাজনীতি কৰিছে তাক প্ৰতিহত কৰিবই লাগিব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

বৰ্তমানৰ চৰকাৰখনে জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে হিন্দু-মুছলমানৰ ৰাজনীতি তথা অসমীয়া-বঙালীৰ যি ৰাজনীতি কৰিছে তাক প্ৰতিহত কৰিবই লাগিব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

  • News18 Assam
  • Last Updated: September 22, 2020, 7:45 PM IST
  • Share this:
কৃষক মুক্তিৰ প্ৰসংগ যিহেতু এটা ৰাজনৈতিক বিষয়, সেয়ে ইয়াৰ সমাধান ৰাজনৈতিকভাৱে হ'ব লাগিব৷ ঐক্যবদ্ধ হ'বলৈ ৰাজনৈতিক দলসমূহৰ মাজত আলোচনা হ'ব লাগিব৷ জাতীয়তাবাদী শক্তি ঐক্যবদ্ধ হোৱাৰ বাহিৰে বিকল্প নাই৷ এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷

মঙলবাৰে বিয়লি তেজপুৰৰ গৰৈমাৰীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে News18ক জনালে জাতীয়তাবাদী শক্তি ঐক্যবদ্ধ হোৱাৰ কথা৷ AASU-AJYCP যিহেতু অ-ৰাজনৈতিক চৰিত্ৰ, গতিকে সেই চৰিত্ৰ অক্ষুণ্ণ ৰাখি BJPক ওফৰাবলৈ আৰু কংগ্ৰেছ-AIUDFক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'ব লাগিব৷

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয়, ‘AASU, AJYCP বা KMSSৰ বাবে ঐক্যবদ্ধতা কেৱল প্ৰশ্ন নহয়৷ যিহেতু বিষয়টো ৰাজনৈতিক ঐক্যবদ্ধতাৰ প্ৰশ্ন, গতিকে বিষয়টো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব৷’

লুৰিণজ্যোতি গগৈয়ে ক'লে - ইয়াৰ সমাধানসূত্ৰ ওলাব৷ বিগত সময়ৰ কংগ্ৰেছৰ অপশাসন, বিদেশী-প্ৰীতি, ভ্ৰষ্টাচাৰ, AIUDFৰ সাম্প্ৰদায়িক ৰাজনীতি, AGP ৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা এইবোৰ মষীমূৰ কৰিবলৈকে জাতীয়তাবাদী শিবিৰ শক্তিশালী কৰিবলৈ পৰিৱেশ ৰচনা কৰিব লাগিব৷

ইফালে, AASU-AJYCPৰ উদ্যোগত গঠিত আঞ্চলিক দল AJPক লৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অসন্তুষ্ট হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অৱশ্যে পোণপটীয়াকৈ উত্তৰ নিদিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ কেৱল ক'লে, “এই বিষয়ে কোৱাটো উচিত নহ'ব৷”

লুৰিণজ্যোতি গগৈয়ে কয় – দল গঠন প্ৰক্ৰিয়াত আমি এটা পৰ্যায়লৈকেহে অংশীদাৰ আছিলো৷ অসমৰ জনসাধাৰণে বিশ্বাসঘাতকতা, অবিচাৰ, সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ অৱসান বিচৰাৰ স্বাৰ্থক গুৰুত্ব দি সকলোৰে মতামতক সন্মান জনাই আগবাঢ়ি যাব৷

বৰ্তমানৰ চৰকাৰখনে জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে হিন্দু-মুছলমানৰ ৰাজনীতি তথা অসমীয়া-বঙালীৰ যি ৰাজনীতি কৰিছে তাক প্ৰতিহত কৰিবই লাগিব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। লগতে অসমত শক্তিশালী, সুস্হ, স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰি জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বপ্নক সাকাৰ ৰূপ দিবলৈ বদ্ধপৰিকৰ আৰু আপোচহীন জাতীয়তাবাদেহে সেই বাট দেখুৱাব পাৰিব বুলি দাবী কৰে৷

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় – সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীৰে জড়িত মানুহৰ কথাত কাণ নিদিয়ে৷

নতুন প্ৰজন্মক লৈ কিমান চিন্তিত নতুন আঞ্চলিক দল AJP? লুৰিণজ্যোতি গগৈয়ে ক'লে - সুনিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন৷ নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত, শিক্ষা, কৰ্ম-সংস্হাপনৰ লগতে সমাজ আৰু জাতিসত্বাৰ সুৰক্ষিত ভৱিষ্যত আৰু সামগ্ৰিক বিকাশ এই দিশত গুৰুত্ব আৰোপ কৰিব লাগিব৷
Published by: Sanjay Kumar Das
First published: September 22, 2020, 7:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি