মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিমানবন্দৰ আদানি গ্ৰুপক হস্তান্তৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযানত লুৰিণজ্যোতি গগৈ

বিমানবন্দৰ আদানি গ্ৰুপক হস্তান্তৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযানত লুৰিণজ্যোতি গগৈ

News18 Assam | News18-Assam
Updated:August 14, 2021, 5:14 PM IST
বিমানবন্দৰ আদানি গ্ৰুপক হস্তান্তৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযানত লুৰিণজ্যোতি গগৈ
যোৱা ৯ আগষ্টৰ পৰা অব্যাহত ৰাখিছে গণস্বাক্ষৰ অভিযান।

যোৱা ৯ আগষ্টৰ পৰা অব্যাহত ৰাখিছে গণস্বাক্ষৰ অভিযান।

  • Share this:

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰতিবাদত অন্তিম দিনাও অব্যাহত আছে অসম জাতীয় পৰিষদে চলোৱা গণস্বাক্ষৰ অভিযান।


গণস্বাক্ষৰ অভিযানত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি অসম জাতীয় পৰিষদে যোৱা ৯ আগষ্টৰ পৰা অব্যাহত ৰাখিছে গণস্বাক্ষৰ অভিযান।  বিমান বন্দৰ আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰতিবাদত দলটোৱে চলোৱা স্বাক্ষৰ অভিযানৰ আজি অন্তিম দিন।


বিমানবন্দৰৰ সন্মুখৰ পথত চলোৱা এই অভিযানত উপস্থিত থকা লুৰিণজ্যোতি গগৈক শ শ লোকে স্বইচ্ছাই ব্যক্তিগতকৰণৰ বিৰুদ্ধে স্বাক্ষৰ কৰি এজাপলৈ সমৰ্থন ব্যক্ত কৰে।  লুৰিণজ্যোতি গগৈয়ে বিজেপি চৰকাৰৰ এই হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে আগন্তুক দিনতো তীব্ৰ প্ৰতিবাদ কৰি যাব বুলি মন্তব্য কৰে।

Published by: Gautam Barman
First published: August 14, 2021, 5:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি