প্ৰাৰ্থী ফেক্টৰ নহয়, ফেক্টৰ অসমৰ জনগণ – নাহৰকটীয়াৰ পৰা জিকিব বুলি গভীৰ আত্মবিশ্বাসী লুৰিণজ্যোতি গগৈ

News18 Assam | News18-Assam
Updated:March 8, 2021, 6:09 PM IST
প্ৰাৰ্থী ফেক্টৰ নহয়, ফেক্টৰ অসমৰ জনগণ – নাহৰকটীয়াৰ পৰা জিকিব বুলি গভীৰ আত্মবিশ্বাসী লুৰিণজ্যোতি গগৈ
১২০নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী হিচাপে উপস্থিত হৈ এই মন্তব্য আগবঢ়াই লুৰিণজ্যোতি গগৈয়ে।

১২০নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী হিচাপে উপস্থিত হৈ এই মন্তব্য আগবঢ়াই লুৰিণজ্যোতি গগৈয়ে।

  • Share this:
প্ৰাৰ্থী ফেক্টৰ নহয়, ফেক্টৰ অসমৰ জনগণ। অসমৰ ৰাইজে ঠিৰাং কৰিব কাক ভোট দিব আৰু নাহৰকটীয়া বাসী ৰাইজৰ উচ্ছাস-উদ্দীপনা দেখি ধৰিব পাৰি নাহৰকটীয়াত এইবাৰ আঞ্চলিকতা বাদৰ বিজয় ধ্বজা উৰিব। ১২০নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী হিচাপে উপস্থিত হৈ এই মন্তব্য আগবঢ়াই লুৰিণজ্যোতি গগৈয়ে।

উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ অসম জাতীয় পৰিষদৰ নাহৰকটীয়া সমষ্টিৰ প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শতাধিক দলীয় কৰ্মীক লগত লৈ নাহৰকটীয়াত এক বিশাল ৰোড শ্ব’ উলিয়ায়। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে এইবাৰ অসমৰ ৰাইজে ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িকতাবাদ চৰকাৰৰ পৰিৱৰ্তে আঞ্চলিকতা বাদৰ চৰকাৰ বিচাৰিছে। বিগত সময়ছোৱাত ৰাষ্ট্ৰীয়তাবাদী চৰকাৰে অসমৰ ওপৰত কেৱল অন্যায়–অবিচাৰ আৰু শোষণ কৰি অসমৰ সম্পদ সমূহৰ ওপৰত চকু দি আহিছে আৰু সেইবাবেই অসমৰ ৰাইজে এইবাৰ আঞ্চলিকতাবাদৰ চৰকাৰ বিচাৰিছে।

লগতে তেওঁ কয় যে নাহৰকটীয়াবাসী ৰাইজে আঞ্চলিকতাবাদক বিশ্বাস কৰি আহিছে আৰু সেইবাবেই এইবাৰ নাহৰকটীয়া সমষ্টিৰ ৰাইজে তেওঁক ভোট দি জিকাই আনিব বুলি ১১০ শতাংশ আত্মবিশ্বাসী বুলিও জানিবলৈ দিয়ে। ইফালে ৰোড শ্ব’ৰ সময়তে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদী আৰু নাহৰকটীয়া শংকৰী নামঘৰত সেৱা জনাই ভগৱানৰ আশিস বিচাৰে লুৰিণজ্যোতি গগৈয়ে।

আনহাতে, এই লুৰিণজ্যোতি গগৈক ‘কা’ আন্দোলনৰ সময়ত আইনী যুঁজৰ বাবে নাহৰকটীয়া চাচনীবাসী ৰাইজে নিজৰ ভঁৰালৰ ধান বিক্ৰী কৰি লক্ষাধিক টকা লুৰিণজ্যোতি গগৈৰ হাতত তুলি ধৰি তেওঁৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা দাঙি ধৰিছিল চাচনীবাসীয়ে।
Published by: Sanjay Kumar Das
First published: March 8, 2021, 6:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি