• Home
  • »
  • News
  • »
  • assam
  • »
  • স্বাভিমানী অসমীয়া জাতিক ভিক্ষাৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে – ধেমাজিত ক’লে লুৰিণজ্যোতি গগৈয়ে

স্বাভিমানী অসমীয়া জাতিক ভিক্ষাৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে – ধেমাজিত ক’লে লুৰিণজ্যোতি গগৈয়ে

ধেমাজিৰ কাছাৰী ময়দানত আবেগিক হৈ পৰিল সদ্য আছু ত্যাগী লুৰিণজ্যোতি গগৈ৷

ধেমাজিৰ কাছাৰী ময়দানত আবেগিক হৈ পৰিল সদ্য আছু ত্যাগী লুৰিণজ্যোতি গগৈ৷

ধেমাজিৰ কাছাৰী ময়দানত আবেগিক হৈ পৰিল সদ্য আছু ত্যাগী লুৰিণজ্যোতি গগৈ৷

  • Share this:
‘‘৮৩০ টকীয়া আঁচনিৰ যোগেদি স্বাভিমানী অসমীয়া জাতিক ভিক্ষাৰী কৰাৰ ষড়যন্ত্ৰ কৰিছে  চৰকাৰে৷" – ধেমাজিত আছুৰ বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি লুৰিণজ্যোতি গগৈৰ ক্ষুৰধাৰ সমালোচনা চৰকাৰক৷ ৮৩০ টকীয়া আঁচনি, বিনামূলীয়া গেছ, বিনামূলীয়া চাউলৰ আঁচনিৰ সুবিধাৰ নামত ৬০ টকীয়া আলু, ৮০ টকীয়া পিঁয়াজ, ১৫০ টকীয়া মিঠাতেল খাব লগা পৰিৱেশৰ সৃষ্টি কৰিছে চৰকাৰে৷

এসময়ৰ আত্মনিৰ্ভৰশীল স্বাভিমানী অসমীয়া জাতিৰ আত্মমৰ্যাদা অক্ষুন্ন ৰখাৰ সপোন লৈ নতুন যাত্ৰা আৰম্ভ কৰাৰ কথা কৈ ধেমাজিৰ কাছাৰী ময়দানত আবেগিক হৈ পৰিল সদ্য আছু ত্যাগী লুৰিণজ্যোতি গগৈ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হোৱাৰ পূৰ্বে আছুৰ শ্বহীদ বেদীত সেৱা লয় লুৰিণজ্যোতি গগৈয়ে৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত লুৰিণজ্যোতি গগৈক আছুৰ লগতে AJYCPৰ ধেমাজি জিলা সমিতি, ATASU ধেমাজি জিলা সমিতিকে ধৰি ধেমাজিৰ বিভিন্ন দল–সংগঠনে বিদায় সম্বৰ্ধনা জনায়৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি