• Home
  • »
  • News
  • »
  • assam
  • »
  • Lurinjyoti Gogoi on Border Issue : বনকৰ্মী বিদ্যাছিং লেকথেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, লুৰিণজ্যোতি গগৈৰ আহ্বান- লেকথেৰ পৰিয়ালক চাকৰি দিয়ক চৰকাৰে

Lurinjyoti Gogoi on Border Issue : বনকৰ্মী বিদ্যাছিং লেকথেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, লুৰিণজ্যোতি গগৈৰ আহ্বান- লেকথেৰ পৰিয়ালক চাকৰি দিয়ক চৰকাৰে

অসমৰ মানুহৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে মাটি নিদিয়াকৈ সীমা সমস্যা সমাধান কৰাৰ দাবী

অসমৰ মানুহৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে মাটি নিদিয়াকৈ সীমা সমস্যা সমাধান কৰাৰ দাবী

অসমৰ মানুহৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে মাটি নিদিয়াকৈ সীমা সমস্যা সমাধান কৰাৰ দাবী

  • Share this:
অসম-মেঘালয় সীমান্তত গুলীচালনা কাণ্ডত নিহত অসমৰ বনকৰ্মী বিদ্যাছিং লেকথেৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। কাঠ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাক লৈ অসম আৰক্ষী আৰু বন বিভাগৰ সৈতে হোৱা খাচী লোকৰ সংঘৰ্ষত যোৱা ২২ নৱেম্বৰৰ পুৱতিনিশা ৫জন মেঘালয়ৰ লোকৰ লগতে বনকৰ্মীগৰাকী মৃত্যুমুখত পৰিছিল।

এই ঘটনাক লৈ আজি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে বনকৰ্মী লেকথেৰ মৃত্যু অপূৰণীয় ক্ষতি। লেকথেৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি গগৈয়ে সীমান্ত অঞ্চলতসমূহত এনেধৰণৰ সমস্যা বহু দিনৰ পৰা চলি আছে বুলি প্ৰকাশ কৰে। তেওঁ এয়া চৰকাৰৰ ব্যৰ্থতা তথা সীমা সমস্যা সমাধানৰ ফলপ্ৰসূ পদক্ষেপ নোলোৱাৰ ফলাফল বুলি উল্লেখ কৰে।

গগৈয়ে কয়- চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ বনকৰ্মীজনৰ ঘৰলৈ আহি খবৰ ল'বলৈ সময় নহ'ল। মুখ্যমন্ত্ৰীৰ অদক্ষতা ঢাকিবলৈ বলিৰ পঠা সজাইছে আৰক্ষী আৰু বন বিভাগক। এইটো গ্রহণযোগ্য নহয়।

গগৈয়ে লেকথেৰ পৰিয়ালক চাকৰি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে যথোপযুক্ত সাহায্য দিবলৈও দাবী জনায়। তেওঁ কয়- কাৰো মৃত্যু আমি কামনা নকৰোঁ, কাৰ্বিসকল কিয় অৱহেলিত? মুখ্যমন্ত্ৰী সদায়ে মুখ্যমন্ত্ৰীৰ দৰে হ'ব। অসমৰ মানুহৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে মাটি নিদিয়াকৈ সীমা সমস্যা সমাধান কৰাৰ দাবী জনাইছোঁ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি