உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈ অসমত BJPৰ চৰকাৰ হৈ থাকিব: লুৰিণজ্যোতি গগৈ

    বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈ অসমত BJPৰ চৰকাৰ হৈ থাকিব: লুৰিণজ্যোতি গগৈ

    " বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব।"-- লুৰিণ জ্যোতি গগৈ। "বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে।"-- লুৰিণ জ্যোতি গগৈ।

    " বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব।"-- লুৰিণ জ্যোতি গগৈ। "বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে।"-- লুৰিণ জ্যোতি গগৈ।

    " বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব।"-- লুৰিণ জ্যোতি গগৈ। "বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে।"-- লুৰিণ জ্যোতি গগৈ।

    • Share this:
    " বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব।"- লুৰিণ জ্যোতি গগৈ। "বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে।"- লুৰিণ জ্যোতি গগৈ।

    অসম জাতীয়তাবাদী পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ গোঁসাইগাঁও বিধানসভা সমষ্টিৰ কামানডাঙ্গাত কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্তব্য কৰে যে, " বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব। আজমল চাহাবে যদি উগ্ৰ সাম্প্ৰদায়িক কথা কয়, পিছদিনা RSS, বজৰং দলে হিন্দুত্ববাদী কথা কয়। বিজেপি আৰু এআইইউডিএফ দুয়ো হিন্দু- মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। কিন্তু ভিতৰে ভিতৰে দুয়োৰে প্ৰেম  মিলাপ্ৰীতি আছে। আগন্তুক দিনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিব।

    লুৰিণজ্যোতি গগৈয়ে লগতে কয়,  সাম্প্ৰদায়িক AIUDF দলৰ লগত BJPৰ গোপন বুজাবুজি আছে। বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে আৰু গোঁসাইগাঁওবাসী একত্ৰিত হৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৱেল টুডুক ভোট দিব লাগে।আগন্তুক ৩০ তাৰিখত ভোট দিয়াৰ সময়ত বাইকত উঠি গলে ভাবিব পেট্ৰ'লৰ দাম কিমান, ৰন্ধাৰ সময়ত ভাবিব দাইল, খোৱা তেলৰ দাম কিমান আৰু ৰন্ধন গেছৰ দাম কিমান। এইবিলাকৰ কথা ভাবি ৩০ তাৰিখে সকলোৱে ভোট দিবলৈ যাব।

    দেওবাৰে সন্দিয়া কামানডাঙ্গা বজাৰ প্ৰাঙ্গনত উপস্থিত হৈ এখন কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি  গগৈয়ে লগতে কয়, মোৰ নিজা স্বাৰ্থ সিদ্ধি কৰিবলৈ হলে বেলেগ ৰাস্তাত স্বাৰ্থপৰৰ দৰে গৈ মন্ত্ৰী বিধায়ক হৈ আগত পাইলট পিছত স্কট লৈ ঘূৰিব পাৰিলোহেতেন।অসম জাতীয়তাবাদী পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য অসমত যাতে গণতন্ত্ৰ ৰক্ষা হয়, অসমৰ জাতিৰ স্বাৰ্থত, অসমৰ জণগনৰ সাৰ্থত আমি গুণগত ৰাজনীতি কৰিছো। সকলো জাতি জনগোষ্ঠী মিলাপ্ৰিতিৰে সমন্বয়ৰ মাজেৰে আমি সমাজৰ উন্নয়নৰ কাম কৰি যাব বিচাৰোঁ। এই উদ্দেশ্য লৈ আমি ৰাজনৈতিক দল গঠন কৰিছো। আমি কোনো ৰাজনৈতিক দলৰ লগত এলাইঞ্চ কৰা নাই। উপ নিৰ্বাচনত পাঁচজন প্ৰাৰ্থী কংগ্ৰেছৰ জিকিলেও চৰকাৰ পৰিবৰ্তন নহ'ব। কিন্তু বিজেপি চৰকাৰে বুজিব সৰ্বসাধাৰণ ৰাইজৰ ন্যয়ৰ বিৰুদ্ধে গ'লে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিয়ে। ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ  কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জুৱেল টুডুৰ হৈ  নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কামানডাঙ্গাত আহি এই মন্তব্য কৰে অসম জাতীয়তাবাদী পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
    Published by:Kokil Sarma
    First published: