‘পূৰ্ব বংগীয় মুছলমানৰ প্ৰৱক্তা লুৰিণজ্যোতি গগৈ’

News18-Assam
Updated:September 13, 2019, 4:29 PM IST
‘পূৰ্ব বংগীয় মুছলমানৰ প্ৰৱক্তা লুৰিণজ্যোতি গগৈ’
লুৰিণজ্যোতি গগৈ

অব্যাহত আছে আছু নেতা লুৰিণজ্যোতি গগৈ বনাম বিজেপি নেতা মুমিনুল আৱালৰ মাজৰ বাকযুদ্ধ

  • News18 Assam
  • Last Updated: September 13, 2019, 4:29 PM IST
  • Share this:
ৰাজু বৰুৱা–  অব্যাহত আছে আছু নেতা লুৰিণজ্যোতি গগৈ বনাম বিজেপি নেতা মুমিনুল আৱালৰ মাজৰ বাকযুদ্ধ ৷ বৃহস্পতিবাৰে লুৰিণজ্যোতি গগৈয়ে মুমিনুল আৱাল আছুত থাকোতে সাম্প্ৰদায়িক সংগঠনৰে মিতিৰালি কৰিছিল বুলি মন্তব্য কৰাৰ পিছত এইবাৰ মুমিনুল আৱালৰ কটাক্ষ লুৰিণজ্যোতি গগৈক।

"লুৰিণ জ্যোতি গগৈ আমছুৰ প্ৰৱক্তা ৷ আমছুৰ আজিজুৰ ৰহমানৰো প্ৰৱক্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে লুৰিণজ্যোতি গগৈ ৷ "

২৬বছৰ পূৰ্বে আছুত থাকোতে পূৰ্ব বংগীয় মুছলমানৰ বিৰুদ্ধে যি স্থিতি আছিল সেই স্থিতিতে অটল থকা বুলি কৈ, লুৰিণজ্যোতি গগৈক পুনৰবাৰ ক'লে "পূৰ্ব বংগীয় মুছলমানৰ বিৰুদ্ধে মাত মাতি আছো মাতি যাম ৷"

বিজেপিৰ মুখপাত্ৰ পদৰ পৰা খেদা খোৱা বুলি মুমিনুল আৱাল সম্পৰ্কে লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্যৰো উত্তৰ দিলে বিজেপি নেতাগৰাকীয়ে, "বিজেপি নেতৃত্বই মোক মুখপাত্ৰ পদৰ পৰা অব্যাহতি দিয়া সম্পৰ্কে একো অৱগত কৰা নাই ৷ লুৰিণজ্যোতি গগৈয়ে ক'ত সেই তথ্য পালে নাজানো
First published: September 13, 2019, 4:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি