'অসমৰ ১০০ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষণ কৰক। নিয়োগ মেলা পতা ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ তথ্য ৰাজহুৱা কৰক।' নিবনুৱাক চাকৰি দিবলৈ মাতি আনি অপমান কৰা অসম চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী অসম জাতীয় পৰিষদৰ।
শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগো দাবী কৰে ৷ লুৰীণজ্যোতি গগৈয়ে কয় যে, 'ব্যক্তিখত খণ্ডত চাকৰি দিবলৈ আচলতে চৰকাৰী উদ্যোগৰ প্ৰয়োজন নাই ৷ যিসমূহ কোম্পানী বা প্ৰতিষ্ঠানক চাকৰি দিবলৈ নিয়োগ মেলালৈ মাতি নিয়া হৈছে, সেইসমূহে আগৰে পৰাই নিজা নিজা উদ্যোগত প্ৰয়োজনীয় চাকৰি দিয়েই আছে ৷ চৰকাৰে কৃতিত্ব তেতিয়াহে দাবী কৰিব পাৰিলেহেতেন যদিহে ৰাজ্যৰ বাহিৰৰ বা বৃহৎ কৰ্পোৰেট কোম্পানীক মাতি আনি অসমৰ নিবনুৱাক চাকৰি দিয়াব পাৰিলেহেতেন ৷ সেয়ে নিয়োগ মেলা পতাৰ নামত ৰাজহুৱা ধনৰ সৰাধ কৰি চমক সৃষ্টিৰ বাহিৰে চৰকাৰে আন একো কৰা নাই ৷'
অজাপ দলৰ কেন্দ্ৰীয় সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, প্ৰিন্স ফাইজুল হক, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শিশিৰ কলিতা উপস্থিত থকা সংবাদ মেলখনত সভাপতি লুৰীনজ্যোতি গগৈয়ে লগতে কয় যে, 'চৰকাৰী নিয়োগ মেলাত হাজাৰ হাজাৰ নিবনুৱাৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে যে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে নিয়োগ সৃষ্টিৰ নামত কোটি কোটি টকা খৰচ কৰি থকা স্বত্বেও ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই ৷ আনহাতে নিবনুৱাক সংস্থাপনৰ বাট দেখুৱাবৰ বাবে কেইবা হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ন কৰি থকা প্ৰধান মন্ত্ৰী কৌশল্য বিকাশ যোঁজনা আঁচনি আৰু অসম দক্ষতা বিকাশ অভিযান শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৷'
অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ২০ জুলাইৰ দিনা অসম বিধান সভাৰ বাজেট অধিৱেশনত ‘গণি গণি এক লাখ চাকৰি দিম’ বুলি কৰা ঘোষণালৈ আঙুলিয়াই দি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, 'বিজেপি দলে বিগত বিধানসভা নিৰ্বাচনৰ দলীয় ইস্তাহাৰত পাঁচ বছৰত দুই লাখ আৰু ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ তদুপৰি পাঁচ বছৰত ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও ইস্তাহাৰত উল্লেখ কৰিছিল। উক্ত প্ৰতিশ্ৰুতি মৰ্মে এতিয়ালৈকে চৰকাৰী আৰু বেচৰকাৰী উভয়তে চৰকাৰে কিমান চাকৰি দিলে সেয়া আমি দাবী কৰা স্বেতপত্ৰখনত বৰ্ণনা কৰক৷'
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|