অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ সদিচ্ছা নাই চৰকাৰৰ, ক’লে লুৰিণ জ্যোতি গগৈয়ে

News18 Assam | News18-Assam
Updated:September 16, 2020, 3:58 PM IST
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ সদিচ্ছা নাই চৰকাৰৰ, ক’লে লুৰিণ জ্যোতি গগৈয়ে
পাতল কথা কোৱা হিমন্ত বিশ্বই চান্দা তুলিবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল বুলি মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে।

পাতল কথা কোৱা হিমন্ত বিশ্বই চান্দা তুলিবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল বুলি মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে।

  • News18 Assam
  • Last Updated: September 16, 2020, 3:58 PM IST
  • Share this:
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ কোনো সদিচ্ছা নাই। News18 ক এই কথা জনালে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক অসমৰ ৰাইজে এতিয়া গুৰুত্ব নিদিয়ে বুলি কয় লুৰিণ জ্যোতি গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাক কেলেংকাৰীৰ নায়ক আখ্যা লুৰিণৰ। পাতল কথা কোৱা হিমন্ত বিশ্বই চান্দা তুলিবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল বুলি মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে।

প্ৰলোভনৰ ৰাজনীতিৰে অসমৰ ৰাইজক বিজেপিয়ে বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে লুৰিণ জ্যোতি গগৈয়ে। ইফালে নিজকে বিগ ব্ৰাডাৰ বুলি কোৱা অসম গণ পৰিষদকো সমালোচনা কৰে লুৰিণ জ্যোতি গগৈয়ে। লুৰিণৰ মতে কোন বিগ ব্ৰাডাৰ সেয়া অসমৰ ৰাইজে নিৰূপণ কৰিব।
Published by: Sanjay Kumar Das
First published: September 16, 2020, 3:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading