'২০২১ৰ নিৰ্বাচনী যুঁজ হ'ব ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু জাতীয়তাবাদী শক্তিৰ মাজত'- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক সমালোচনা লুৰিণজ্যোতি গগৈৰ

News18 Assam | News18-Assam
Updated:January 20, 2021, 6:50 PM IST
'২০২১ৰ নিৰ্বাচনী যুঁজ হ'ব ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু জাতীয়তাবাদী শক্তিৰ মাজত'- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক সমালোচনা লুৰিণজ্যোতি গগৈৰ
ৰাজ্যত এদিন পূৰ্বে আনুষ্ঠানিক ঘোষণা হৈছে কংগ্ৰেছ-AIUDFৰ গঠিত মহজোঁট বন্ধন ৷ পিছে কংগ্ৰেছ AIUDFৰ গঠিত মহজোঁট বন্ধনত নাথাকে অসম জাতীয় পৰিষদ ৷

ৰাজ্যত এদিন পূৰ্বে আনুষ্ঠানিক ঘোষণা হৈছে কংগ্ৰেছ-AIUDFৰ গঠিত মহজোঁট বন্ধন ৷ পিছে কংগ্ৰেছ AIUDFৰ গঠিত মহজোঁট বন্ধনত নাথাকে অসম জাতীয় পৰিষদ ৷

  • Share this:
ৰাজ্যত এদিন পূৰ্বে আনুষ্ঠানিক ঘোষণা হৈছে কংগ্ৰেছ-AIUDFৰ গঠিত মহজোঁট বন্ধন ৷ পিছে কংগ্ৰেছ AIUDFৰ গঠিত মহজোঁট বন্ধনত নাথাকে অসম জাতীয় পৰিষদ ৷ এই কথা স্পষ্ট কৰিলে দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ গগৈৰ মতে, আগন্তুক ২১ৰ নিৰ্বাচনী যুঁজ  ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত হ'ব ৷

উল্লেখ্য যে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে। প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰত জনসভা সম্ৱোধন কৰি ১ লাখ লোকৰ ভূমিৰ পত্তা প্ৰদান কৰিব বুলি বিজেপিয়ে চলোৱা প্ৰচাৰক সমালোচনা কৰি সভাপতিগৰাকীয়ে কয় যে,  মণ্ডল, ৰাজহ চক্ৰ বিষয়াই কৰা কাম কৰিবলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী ৷ মাটিৰ পট্টা এয়া প্ৰাপ্য অধিকাৰ ৷ চৰকাৰৰ কোনো কৃতিত্ব নাই ৷ সেয়ে মোদীৰ অসম আগমনৰ দিনটো প্ৰতাৰণাৰ দিনৰূপে দলটোৱে সাব্যস্ত কৰিব প্ৰতিবাদ।

একে সময়তে বিজেপিৰ ভিজন ডকুমেণ্টত উল্লেখিত প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে বৃহস্পতিবাৰে প্ৰতিখন জিলাৰ সদৰত সাব্যস্ত কৰিব প্ৰতিবাদ ৷  উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ এই পৰ্য্যন্ত ৪৬০০ বুথ গঠন সম্পূৰ্ণ হৈছে বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে লুৰিণজ্যোতি গগৈয়ে।
Published by: Himangshu Bhuyan
First published: January 20, 2021, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি