‘ৰাইজৰ প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰীৰ মুখত আকৌ ‘জয় আই অসম’, হিমন্ত বিশ্বৰ সন্মুখতো বিপদ’

News18 Assam | News18-Assam
Updated:January 4, 2020, 5:26 PM IST
‘ৰাইজৰ প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰীৰ মুখত আকৌ ‘জয় আই অসম’, হিমন্ত বিশ্বৰ সন্মুখতো বিপদ’
ৰাজ্যত নতুন দল গঠন হ’লে প্ৰথমে যোগদান কৰিবলৈ সুযোগ বিচাৰিব হিমন্ত বিশ্ব শৰ্মাইঃ লুৰিণ জ্যোতি গগৈ

ৰাজ্যত নতুন দল গঠন হ’লে প্ৰথমে যোগদান কৰিবলৈ সুযোগ বিচাৰিব হিমন্ত বিশ্ব শৰ্মাইঃ লুৰিণ জ্যোতি গগৈ

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ৰমাৎ আক্ৰমণাত্মক হৈছে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ। নগাঁৱত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদকজনে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক উদ্দেশ্যি কৰে তীৰ্যক মন্তব্য।



লুৰিণ জ্যোতি গগৈয়ে কয় যে,  ‘ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন হ'লেই দুৱাৰত প্ৰথম টোকৰ দিব হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰত বিজেপি ক্ষমতাচ্যুত হ'লেই সাৰদা কেলেংকাৰীৰ ফাইল খোল খাব। গতিকে দল সলনি নকৰাৰ গত্যন্তৰ নাথাকিব হিমন্ত বিশ্ব শৰ্মাৰ।’

নগাঁৱৰ নেহেৰুবালিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজিত গণ সমাৱেশত অংশগ্ৰহণ কৰি ছাত্ৰনেতাজনে ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক। ছাত্ৰ নেতা জনে মুখ্যমন্ত্ৰী সোণোৱালক সমালোচনা কৰি কয় যে,‘ জয় আই অসম ক'বলৈ পাহৰা সৰ্বানন্দ সোণোৱালে ৰাইজৰ প্ৰতিবাদ দেখি এতিয়া কথাই প্ৰতি জয় আই অসম ক’বলৈ লৈছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি