মাতৃ বিয়োগৰ অযুত বেথা বুকুত বান্ধি লৈ নিৰ্বাচনী প্ৰচাৰত লুৰিণ জ্যোতি গগৈ

News18 Assam | News18-Assam
Updated:April 3, 2021, 7:00 PM IST
মাতৃ বিয়োগৰ অযুত বেথা বুকুত বান্ধি লৈ নিৰ্বাচনী প্ৰচাৰত লুৰিণ জ্যোতি গগৈ
মন দাঠ কৰি মাতৃ বিয়োগৰ চাৰিদিন পাছতে শনিবাৰে পুনৰ প্ৰচাৰত নামিল AJPৰ  সভাপতি লুৰিণ জ্যোতি গগৈ

মন দাঠ কৰি মাতৃ বিয়োগৰ চাৰিদিন পাছতে শনিবাৰে পুনৰ প্ৰচাৰত নামিল AJPৰ  সভাপতি লুৰিণ জ্যোতি গগৈ

  • Share this:
মাতৃ বিয়োগৰ পিছত মাতৃৰ প্ৰতিটো ক্ষণৰ স্মৃতিয়ে আমনি কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক ৷ কিন্তু সন্মুখত যে নিৰ্বাচন।কি কৰিব, কি নকৰিব?

মন দাঠ কৰি মাতৃ বিয়োগৰ চাৰিদিন পাছতে শনিবাৰে পুনৰ প্ৰচাৰত নামিল AJPৰ  সভাপতি লুৰিণ জ্যোতি গগৈ ৷ শুকুৰবাৰে স্বগৃহৰ পৰা উভতি অহাৰ পিছত তৃতীয় তথা অন্তিম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰত কামৰূপ মহানগৰৰ তিনি সমষ্টিত চলালে নিৰ্বাচনী প্ৰচাৰ ৷ দিছপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটী এই তিনি সমষ্টিত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলাই লুৰিণ জ্যোতি গগৈৰ দাবী ২১ ত হব আঞ্চলিক দলৰ চৰকাৰ ৷ ইপিনে ৰাইজৰ মৰম আৰু আশীৰ্বাদে স্বাভিমানী ৰাজনৈতিক দলৰ চৰকাৰ দিছপুৰলৈ প্ৰেৰণ কৰিব বুলি মন্তব্য সভাপতিগৰাকীৰ ৷ ৰাজ্যৰ উন্নয়ণ আদৰ্শৰ পৰিৱৰ্তে মাথোন চাচা, মামা, আজমল, লুঙী-টুপীয়ে নিৰ্বাচনী প্ৰচাৰত স্থান পোৱাক লৈ ক্ষুণ্ণ জাতীয় পৰিষদৰ সভাপতিগৰাকী ৷ ইপিনে হিমন্ত বিশ্বৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগে গ্ৰহণ কৰা ব্যৱস্থা বহু পলমকৈ লোৱা বুলি মন্তব্য।
Published by: Kokil Sarma
First published: April 3, 2021, 7:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি