গৃহিণীসকলে ৰন্ধা-বঢ়া কৰি থকাৰ সময়ত সন্মুখীন হোৱা আটাইতকৈ অবাঞ্চিত সমস্যাটোৱেই হ'ল এলপিজি বা গেছ চিলিণ্ডাৰৰ গেছ শেষ হৈ যোৱাটো ৷ আধা ৰন্ধা ভাত, আঞ্জা বা তৰকাৰীখন আধা ৰন্ধাকৈয়ে এৰিবলগীয়া হয় ৷ পিছে গৃহিণীসকলে এতিয়াৰ পৰা আৰু এনে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব ৷ এনে সমস্যাৰ কথা চিন্তা কৰিয়েই ইণ্ডিয়ান অইল কৰ্প'ৰেছন লিমিটেডে নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে কম্প'জিট চিলিণ্ডাৰ ৷ আজি বৰপেটা প্ৰেছ ক্লাৱত লক্ষ্মী গেছ এজেন্সীৰ সহযোগত ইণ্ডিয়ান অইল কৰ্প'ৰেছন লিমিটেডৰ বিষয়াসকলে বৰপেটাত মুকলি কৰে কম্প'জিট চিলিণ্ডাৰ ৷
ফাইবাৰ প্লাষ্টিক আদিৰে নিৰ্মাণ কৰা এই কম্প'জিট চিলিণ্ডাৰটোৰ এটা প্ৰধান সুবিধা হৈছে চিলিণ্ডাৰটোৰ ভিতৰত কিমান পৰিমাণৰ গেছ আছে সেয়া দেখা পোৱা যাব ৷ যাৰফলত ৰন্ধা-বঢ়াৰ মাজতে অকস্মাতে চিলিণ্ডাৰৰ গেছ শেষ গোৱাৰ আগতেই গৃহিণীসকলে গম পাব কেতিয়ালৈ গেছ শেষ হ'ব ৷ আৰু ইয়াৰ ফলত আগতীয়াকৈ চিলিণ্ডাৰ ক্ৰয় কৰাৰ সুবিধা পাব ৷
তদুপৰি ১০ কিলোগ্ৰাম এলপিজিসহ চিলিণ্ডাৰটোৰ ওজন হব প্ৰায় ১৬ কিলো ৷ ফলত গৃহিণীসকলে সহজেই দাঙিব পাৰিব ৷ এই কম্প'জিট চিলিণ্ডাৰটোৰ আন এক সুবিধা হৈছে এতিয়া আৰু মজিয়াত বা টাইলচত মামৰে ধৰাৰো সুযোগ নাপাব ৷ বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা লক্ষ্মী গেছ এজেঞ্চীৰ স্বত্বাধিকাৰ গুনীন্দ্ৰ নাথ দাসৰ উপস্থিতিত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত কম্প'জিট চিলিণ্ডাৰ প্ৰদানেৰে বৰপেটাত ইণ্ডিয়ান অইল কৰ্প'ৰেছন লিমিটেডৰ গুৱাহাটী মণ্ডলৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত গ্ৰাহকৰ বাবে মুকলি কৰিলে গৃহিণীৰ বাবে সুবিধাজনক কম্প'জিট গেছ চিলিণ্ডাৰ ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : February 22, 2022, 17:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।