শিৱসাগৰৰ ডিমৌৰ লখিমীপথাৰ প্ৰাথমিক বিদ্যালয় সংঘটিত হৈছে কৰুণ ঘটনা। বিদ্যালয়খনৰ শ্ৰেণীকোঠাতে প্ৰধান শিক্ষকগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে। জানিবলৈ পোৱা অনুসৰি, কালিপ্ৰসাদ চেতিয়া নামৰ শিক্ষকগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণৰ আঁৰত আছে এটা চৰকাৰী এপ আৰু কামৰ অত্যধিক বোজা। এই অভিযোগ কৰিছে পৰিয়ালৰ লোকে।
ডিমৌত (Sivasagar) চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটো শিক্ষা বিভাগে প্ৰচলন কৰা ৰিমছ এপৰ (RIIMS App) বাবেই হোৱা বুলি অভিযোগ পৰিয়ালৰ। উল্লেখ্য, প্ৰাথমিক শিক্ষকসকলৰ উপস্থিতি সম্পৰ্কে অৱগত কৰাৰ ব্যৱস্থা স্বৰূপে শিক্ষা বিভাগে (Education Department) ৰিমছ এপৰ ব্যৱস্থা কৰিছিল। এই এপত অনলাইন উপস্থিতিৰ বিষয়ে অৱগত নকৰিলে শিক্ষকৰ দৰমহা কৰ্তনৰো নিৰ্দেশ দিয়া হৈছিল শিক্ষা বিভাগৰ পৰা। কিন্তু দুৰ্ভাগ্যজনকভাৱে কালিপ্ৰসাদ চেতিয়া এই এপ পৰিচালনা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল (unable to use RIIMS app)। সহযোগীৰ পৰা দিহা-পৰামৰ্শ লৈ তেওঁ এপ পৰিচালনা কৰিছিল যদিও ঠাইখিনিত নেটৱৰ্কৰ সমস্যা আছিল।
অথচ কঠোৰ চৰকাৰী নিয়ম ভংগ কৰাটোও তেওঁৰ পক্ষে সম্ভব নাছিল। অভিযোগ মতে, কৰ্তৃপক্ষৰ ফালৰ পৰা এইক্ষেত্ৰত তেওঁ কিছু চাপৰো সন্মুখীন হৈছিল। গোটেই প্ৰক্ৰিয়াটোৰ মাজত নিজৰ অসমৰ্থতাৰ বাবে হতাশাত ভোগা প্ৰধান শিক্ষকগৰাকী অৱশেষত বাছি লয় আত্মহত্যাৰ পন্থা (Teacher committed suicide)। এই ঘটনাই ডিমৌত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু শিক্ষা বিভাগে কোনো প্ৰশিক্ষণৰ ব্যৱস্থা নকৰাকৈ হঠাতে ডিজিটেল যুগ আৰম্ভ কৰিবলৈ যোৱা বিষয়টোক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|