উজনিৰ বিধায়কৰ দল নামনি অসমলৈ আৰু নামনি অসমৰ বিধায়কৰ দল উজনি অসমলৈ যাবলৈ সাজু হৈছে ৷ বিগত অসম বিধানসভাৰ বাজেট অধিবেশনত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱক্ৰমে অধ্যক্ষই লোৱা সিদ্ধান্ত অনুযামী ইতিমধ্যে দুটা বিধায়কৰ দল গঠন কৰা হৈছে ৷ দুয়োটা দলত ১৫জনকৈ বিধায়কৰ নাম সন্নিবিষ্ট কৰা হৈছে ৷
প্ৰথমটো দলৰ নেতৃত্বত দিগন্ত কলিতা আৰু দ্বিতীয়টো দলৰ নেতৃত্বত প্ৰদীপ হাজৰিকাই দিব ৷ নামনিৰ বিধায়কৰ দলটো দিগন্ত কলিতাৰ নেতৃত্বত উজনি অসম পৰিভ্ৰমণ কৰিব ৷ প্ৰদীপ হাজৰিকাৰ নেতৃত্বত উজনিৰ দলটো যাব নামনি অসমলৈ ৷
নামনি অসমৰ বিধায়কৰ দলটোত আছে দিগন্ত কলিতা, নন্দিতা গাৰ্লোছা, অজয় কুমাৰ ৰায়, হেমাঙ্গ ঠাকুৰীয়া, বিজয় মালাকাৰ, যাদৱ স্বৰ্গীয়াৰী, আব্দুল কালাম ৰচিদ আলম, আচিফ মহম্মদ নাজাৰ, আব্দুৰ ৰহিম আহমেদ, জাকিৰ হুছেইন শিকদাৰ, নিজানুৰ ৰহমান, ড° ৰফিকুল ইছলাম, ভূপেন বড়ো, দুৰ্গা দাস বড়ো আৰু মনোৰঞ্জন তালুকদাৰ ৷
দ্বিতীয়টো বিধায়কৰ দলত আছে- প্ৰদীপ হাজৰিকা, ৰমাকান্ত দেউৰী, চক্ৰধৰ গগৈ, ৰূপেশ গোৱালা, ভৰত চন্দ্ৰ নৰহ, বসন্ত দাস, ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰা, পদ্ম হাজৰিকা, পৃথ্বীৰাজ ৰাভা, আমিনুল ইছলাম, মজিবুৰ ৰহমান, কৰিম উদ্দিন বৰভূঞা, চৰণ বড়ো আৰু অখিল গগৈ ৷
বিধায়কৰ প্ৰথমটো দলে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলা পৰিভ্ৰমণ কৰাৰ বিপৰীতে দ্বিতীয়টো দলে নামনি অসমৰ গোৱালপাৰা, ধুবুৰী আৰু বৰপেটা জিলা পৰিভ্ৰমণ কৰিব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|