உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Lovlina Borgohain: অসম চৰকাৰে যচা আৰক্ষীৰ DSP পদ গ্ৰহণ কৰিবনে লাভলীনাই? জনালে অলিম্পিয়ানগৰাকীয়ে

    Lovlina Borgohain: অসম চৰকাৰে যচা আৰক্ষীৰ DSP পদ গ্ৰহণ কৰিবনে লাভলীনাই? জনালে অলিম্পিয়ানগৰাকীয়ে

    সেই সময়ত লাভলীনা বৰগোহাঁইক ডিএছপি পদ যাচিছিল যদিও তেওঁ তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

    সেই সময়ত লাভলীনা বৰগোহাঁইক ডিএছপি পদ যাচিছিল যদিও তেওঁ তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

    সেই সময়ত লাভলীনা বৰগোহাঁইক ডিএছপি পদ যাচিছিল যদিও তেওঁ তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

    • Share this:
    ভাৰতবৰ্ষৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে শেহতীয়াকৈ টকিঅ' অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদ (Bronze Medal)ক অৰ্জনেৰে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। সেই সময়তে পদক লৈ প্ৰথমবাৰ গুৱাহাটী (Guwahati)ত উপস্থিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (DSP)ৰ পদ লাভলীনালৈ যাচিছিল।

    সেই সময়ত লাভলীনা বৰগোহাঁই (Lovlina Bargohain)ক ডিএছপি পদ যাচিছিল যদিও তেওঁ তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। শেহতীয়াকৈ বহু চিন্তা-চৰ্চা কৰাৰ পিছত ৰাজ্য চৰকাৰে দিয়া অসম আৰক্ষীৰ ডিএছপি পদ গ্ৰহণৰ বাবে লোৱা নিজৰ চূড়ান্ত সিদ্ধান্ত লাভলীনাই চৰকাৰক জনাই দিছে।

    ষ্টাৰ স্প'ৰ্টছৰ নৰ্থ ইষ্ট স্প'ৰ্টছ কনক্লেভত অংশ ল'বলৈ গুৱাহাটীলৈ অহাৰ সময়তে লাভলীনা বৰগোহাঁয়ে News18ক জনাই যে তেওঁৰ পৰৱৰ্তী লক্ষ্য আইবা বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু চূড়ান্তভাৱে ২০২৪ চনৰ পেৰিছ অলিম্পিক (Paris Olympic) গেমছ। আটাইকেইখন প্ৰতিযোগিতাত স্বৰ্ণপদক পাব বিচাৰে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা বিজয়ী লাভলীনা বৰগোহাঁয়ে।
    Published by:Gautam Barman
    First published: